নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৫ কোটি কেলেংকাৰি: এছচিইআৰটিৰ প্রাক্তন সঞ্চালক শেৱালি দেৱী শর্মাক জেৰা

নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: ডিএলএড পাঠ্যক্রমৰ দূৰৱর্তী আৰু মুক্ত শিক্ষাৰ প্রশিক্ষণৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছচিইআৰটিত সংঘটিত ১০৫ কোটিটকীয়া কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জেৰাৰ সন্মুখীন হয় তদানীন্তন কার্যবাহী অধ্যক্ষ তথা সঞ্চালক আইএএছ বিষয়া শেৱালি দেৱী শর্মা৷ আজি পুৱা ১০ বজাৰ পৰা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ উলুবাৰী ৰূপনগৰৰ মুখ্য কার্যালয়ত তদন্তকাৰী দলে মাৰাথন জেৰা চলায় নিলম্বিত আইএএছ বিষয়া শর্মাক৷ উল্লেখ্য যে এছচিইআৰটিত যোৱা ৬টা বছৰত ১০৫ কোটি টকাৰ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ উক্ত কেলেংকাৰিটোৰ মূল অভিযুক্ত হিচাপে চিহ্ণিত হোৱা আইএএছ বিষয়া শর্মাক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ প্রতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে যোৱা ১৮ মার্চত চাকৰিৰ পৰা নিলম্বন কৰিছিল৷ প্রাথমিক তদন্তত এই কেলেংকাৰি প্রায় ৮০ কোটি টকাৰ বুলি জনা গৈছিল যদিও তদাৰকী কোষৰ এটা সূত্রই জনোৱা মতে সাক্ষ প্রমাণ বিত্তীয় লেনদেনৰ তথ্য চালিজাৰি চাই এয়া প্রায় ১০৫ কোটি হ’ব৷ আজি তদাৰীক কোষৰ তদন্তকাৰী বিষয়াই নিলম্বিত আইএএছ বিষয়া শর্মাৰ লগতে তেওঁৰ ঠিকাদাৰ জোঁৱায়েকসহ মুঠ ৭জন লোকক উপর্যুপৰি জেৰা চলায়৷ তদন্তৰ খাতিৰত সূত্রটোৱে শর্মাৰ বাদে বাকী ৬জনৰ নাম এতিয়ালৈকে প্রকাশ কৰা নাই৷ উল্লেখ্য যে এই বিয়াগোম পুঁজি বিষয়া শর্মাই সকলো চৰকাৰী নীতি–নিয়ম জলাঞ্জলি দি কোনোধৰণৰ চৰকাৰী অনুমোদন নোহোৱাকৈ জধে–মধে ভুৱা বিলেৰে বিভিন্ন পক্ষক আদায় দিয়া দেখুওৱাৰ লগতে বুজন পৰিমাণৰ টকা আত্মসাৎ কৰিছিল৷ আজি জেৰা চলোৱা ৭জনৰ ভিতৰত এছচিইআৰটিৰ কেইবাজনো কর্মচাৰীও আছে বুলি জানিব পৰা গৈছে৷ সূত্রটোৱে জনোৱা মতে, উক্ত কর্মচাৰীসকলৰ বেংক একাউণ্টবোৰ ভাৰালৈ লৈ বিষয়া শর্মাই আত্মসাৎ কৰা ধনখিনি জমা ৰাখিছিল৷ মন কৰিবলগীয়া যে এছচিইআৰটি সঞ্চালকালয়ে এনচিটিইৰ দ্বাৰা অনুমোদিত ২২টা কেন্দ্রত ডিএলএডৰ প্রশিক্ষণৰ ব্যৱস্থা কৰিছিল৷ তদুপৰি এনচিটিইয়ে এছচিইআৰটিক ৫৯টা কেন্দ্রৰ জৰিয়তে ডিএলএডৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা দিয়াৰ অনুমতি প্রদান কৰিছিল৷ কিন্তু চতুৰ বিষয়া শর্মাই এই নির্দেশনা উলংঘা কৰি দূৰৱর্তী আৰু মুক্ত শিক্ষাৰ প্রশিক্ষণ কেন্দ্রৰ সংখ্যা ৩৪৭টা কৰিছিল৷ এনচিটিইৰ অনুমোদনমর্মে পৰিষদে ২৭,৮৯৭ গৰাকী শিক্ষকৰ ডিএলএডৰ প্রশিক্ষণ প্রদান কৰিব লাগিছিল যদিও দূৰৱর্তী আৰু মুক্ত শিক্ষাৰ অজুহাত লৈ পৰিষদৰ তদানীন্তন সঞ্চালক শর্মাই ডিএলএডৰ প্রশিক্ষার্থীৰ সংখ্যা এক লাখ ৬ হাজাৰ ৮২৮গৰাকী কৰিছিল৷ নির্ধাৰিত সংখ্যাতকৈ ৭৮ হাজাৰ ৯৩১গৰাকী প্রশিক্ষার্থীৰ সংখ্যা বৃদ্ধি কৰিছিল৷ এই প্রতিগৰাকী প্রশিক্ষার্থীৰ বিপৰীতে প্রশিক্ষণৰ অন্তত ২২খনকৈ উত্তৰ বহী থাকিব লাগে যদিও তদাৰকী কোষে তদন্তৰ সময়ত উল্লিখিত প্রার্থীসকলৰ বিপৰীতে জমা হ’বলগীয়া ২৩ লাখ ৫০ হাজাৰ ২১৬খন উত্তৰবহীৰ এখনো পোৱা নাছিল৷ চতুৰ বিষয়া শর্মাই কেৱল কাগজে–পত্রইহে সমস্ত প্রক্রিয়াটো সম্পন্ন কৰি একপ্রকাৰ চৰকাৰক আভুৱা–ভাঁৰিছিল৷ বিষয়া শর্মাৰ এই চতুৰালি প্রত্যক্ষ কৰি তদন্তকাৰী দলেও হতভম্ব হৈ পৰিছে৷ অকল এয়াই নহয়, বিষয়া শর্মাই এছচিইআৰটিত নিজৰ জোঁৱাকেক নিবিদা অবিহনে ঠিকা আবণ্টন দিয়া দেখুৱাই কোটি কোটি টকা সৰকোৱাৰ তথ্যও লাভ কৰিছে তদাৰকী কোষে৷ সূত্রটোৱে জনোৱা মতে, আজি শর্মাৰ জোঁৱায়েকক মাৰাথন জেৰা চলোৱা হয়৷ জোঁৱায়েকক শর্মাই এছচিইআৰটিৰ বিভিন্ন বিল্ডিঙৰ বেৰ মেৰামতি, এ চি লগোৱা আদিকে ধৰি বিভিন্ন কামৰ ঠিকা প্রদান কৰিছিল৷ এই সকলোবোৰ বিষয় সম্প্রতি তদন্ত কৰি থকা হৈছে৷ লোকনির্মাণ বিভাগৰ বিষয়াৰ সহযোগত তদাৰকী কোষে অভিযোগ উঠা আন্তঃগাঁথনি নির্মাণকে ধৰি সকলো কামৰ পর্যবেক্ষণ আৰম্ভ কৰিছে৷ বর্তমানলৈকে বিষয়টো সম্পূর্ণ তদন্তৰ আওতাত আছে৷ বিভাগীয় সম্পূর্ণ প্রতিবেদন পোৱাৰ পিছতহে কেলেংকাৰিটো সন্দর্ভত আইনী ব্যৱস্থা গ্রহণ কৰিব মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷

You might also like