১০ দিনে মর্গতে পৰি থাকিল বোকাখাতৰ ক’ৰোনা আক্রান্ত অজিত শইকীয়াৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ১৮ মেঃ কর্কট আক্রান্ত পত্নীৰ উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ গৈ অসমৰ এজন ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লোৱা আৰু ১০ দিন ধৰি তেওঁৰ মৃতদেহ মর্গতে পৰি থকাৰ মর্মন্তুদ ঘটনাই ৰাজ্যবাসীৰ মন–মগজু জোকাৰি গৈছে৷
দুর্ভগীয়া এই ব্যক্তিজন হ’ল বোকাখাতৰ ম’হমাইকী গাঁও নিৱাসী তথা কৃষি বিভাগৰ অৱসৰপ্রাপ্ত বিষয়া অজিত শইকীয়া৷ দিল্লীৰ লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালত চিকিৎসাধীন অৱস্থাত অজিত শইকীয়াৰ শনিবাৰে মৃত্যু ঘটাৰ কথা প্রকাশ পাইছিল৷ কিন্তু দেওবাৰে সমগ্র বিষয়টোক লৈ কিছু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷
তথ্য অনুসৰি শনিবাৰে নহয়, প্রকৃততে যোৱা ৭ মে’তেই শেষ নিশ্বাস ত্যাগ কৰিছিল ক’ভিড–১৯ আক্রান্ত শইকীয়াই৷ তাৰ পাছৰে পৰাই লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালৰ মর্গতে পৰি আছে তেওঁৰ মৃতদেহ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, ক’ভিড–১৯ত আক্রান্ত হৈ সুস্থ হোৱা শইকীয়াৰ পত্নী বন্তি শইকীয়া আৰু সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰা বর্তমানেও দিল্লীতে আছে৷ কিন্তু হাস্পতাল কর্তৃপক্ষই শইকীয়াৰ মৃত্যুৰ খবৰ তেওঁলোকক নজনালে৷ বোকাখাতৰ সমাজকর্মী আকাশ ফুকনৰ প্রচেষ্টাত দিল্লী অসম এছ’চিয়েচনৰ সম্পাদক দিব্যজ্যোতি শইকীয়াই অৰবিন্দ কেজৰিৱাল চৰকাৰৰ ন’ডেল বিষয়া অংকুশ নাৰংগৰ জৰিয়তেহে দুর্ভগীয়া লোকজনৰ মৃত্যুৰ খবৰ সংগ্রহ কৰি পৰিয়াললৈ প্রেৰণ কৰে৷
উল্লেখ্য যে কর্কট ৰোগত আক্রান্ত পত্নী বন্তি শইকীয়াৰ উন্নত চিকিৎসাৰ বাবে প্রয়াত শইকীয়াই সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰাক লগত লৈ যোৱা ১০ মার্চত দিল্লীলৈ গৈছিল৷ জানিব পৰা মতে, পত্নী বন্তি শইকীয়াক কর্কট ৰোগৰ চিকিৎসাৰ কাৰণে ভর্তি কৰোৱা হৈছিল গংগাৰাম হাস্পতালত৷ কিন্তু ইয়াৰ মাজতেই বন্তি শইকীয়া, কংকণজ্যোতি বৰা আৰু প্রয়াত শইকীয়াৰ দেহত ধৰা পৰে ক’ভিড–১৯ৰ উপস্থিতি৷ লগে লগে তিনিওকে ৰাজীৱ গান্ধী ছুপাৰস্পেচিয়েলিটী হাস্পতালত ভর্তি কৰোৱা হয়৷ কিন্তু প্রয়াত শইকীয়াৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৱা ১ মে’ত তেওঁক স্থানান্তৰ কৰা হৈছিল লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতাললৈ৷ ইয়াৰ বিপৰীতে পত্নী বন্তি শইকীয়া আৰু সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰাই ইতিমধ্যে ক’ভিড–১৯ৰ পৰা সুস্থ হৈ উঠে৷ তেওঁলোক দুয়ো বর্তমান দিল্লীৰ এটা ব্যক্তিগত গেষ্ট হাউছত আছে৷ পত্নী আৰু ভতিজাক দিল্লীত থকাৰ পিছতো শইকীয়াৰ মৃত্যুৰ খবৰ নজনোৱাটো লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতাল কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা হিচাপে বিবেচিত হৈছে৷ বাতৰি লিখাপর্যন্ত শইকীয়াৰ নশ্বৰ দেহ আত্মীয়ৰ দ্বাৰা চিনাক্তকৰণ প্রক্রিয়া সম্পন্ন হোৱা নাই৷ আনকি হাস্পতাল কর্তৃপক্ষই লিখিতভাৱে জনোৱা নাই শইকীয়াৰ মৃত্যুৰ খবৰো৷ এনে অৱস্থাত নশ্বৰ দেহ চিনাক্তকৰণ প্রক্রিয়াটো জটিল হৈ পৰিছে৷ কিয়নো ক’ভিড–১৯ত মৃত্যু হোৱা লোকৰ মৃতদেহ পৰিয়ালক গতাই দিয়া নহয় বা মৃতদেহৰ ওচৰলৈ আন লোক যোৱাটো নিষেধ৷
অৱশ্যে ভিডি’ কনফাৰেঞ্চিং বা তেনে আন ব্যৱস্থাৰ জৰিয়তে মৃতদেহ চিনাক্তকৰণ প্রক্রিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ দিল্লীস্থিত এক সূত্রই সদৰী কৰা অনুসৰি আছাম হাউছৰ তৰফৰ পৰা ইতিমধ্যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতাল কর্তৃপক্ষৰ সৈতে বিষয়টো সন্দর্ভত যোগাযোগ কৰা হৈছে৷ দিল্লীৰ অসম ভৱনৰ উপ–আৱাসিক আয়ুক্ত জয়দীপ শুক্লাই যোৱা ৭ মে’ত মৃত্যু হোৱা শইকীয়াৰ মৃতদেহ এতিয়াও লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালৰ মর্গতে থকাৰ কথা নিশ্চিত কৰিছে৷ সেইদৰে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে আছাম হাউছৰ বিষয়াই লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালৰ সৈতে যোগাযোগ কৰিছিল৷ তাত চিকিৎসাধীন শইকীয়াৰ যোৱা ৭ মে’ত মৃত্যু হৈছে৷ ইফালে দুর্ভগীয়া লোকজনৰ পত্নী বন্তি শইকীয়া আৰু সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰাৰ সৈতে যোগাযোগ হৈছে অসম চৰকাৰৰ৷ ৰাজ্য চৰকাৰক অসমলৈ ঘূৰাই অনাৰ বাবে দুয়োৱে অনুৰোধ জনাইছে যদিও এইক্ষেত্রত এক জটিলতাৰ সৃষ্টি হৈছে৷ কিয়নো স্বামীৰ মৃত্যুত বন্তি শইকীয়া মানসিকভাৱে ভাগি পৰাৰ লগতে তিনিটাকৈ কেম’থেৰাপী লোৱাত তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈ থকা নাই৷ যাৰ বাবে এম্বুলেঞ্চ বা আন বাহন তথা ৰে’লযোগে বন্তি শইকীয়া ঘূৰি আহিব পৰা অৱস্থাত নাই বুলি জানিবলৈ দিছে কংকণজ্যোতি বৰাই৷ আনহাতে পত্নীৰ চিকিৎসাৰ বাবে গৈ দিল্লীত মৃত্যু হোৱা আৰু ১০ দিন ধৰি মর্গতে মৃতদেহ পৰি থকা বিষয়টোক লৈ লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতাল কর্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বোকাখাতত থকা পৰিয়ালবর্গ৷
পৰিয়ালৰ সদস্যই প্রকাশ কৰা মতে, যোৱা দুই–তিনি দিন ধৰি তেওঁলোকে ফোনযোগে লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালৰ সৈতে যোগাযোগ কৰি প্রয়াত শইকীয়াৰ খবৰ ল’বলৈ যত্ন কৰিছিল৷ কিন্তু হাস্পতাল কর্তৃপক্ষৰ পৰা এইক্ষেত্রত কোনোধৰণৰ খবৰ নাপালে৷ ফোনত হাস্পতালখনৰ বিষয়া–কর্মচাৰীসক ইজনে সিজনলৈ দায়িত্ব ঠেলি দি পৰিয়ালটোক একপ্রকাৰ বিবুধিত পেলায়৷ বোকাখাতৰ পাণবাৰীস্থিত কৃষি অনুসন্ধান কেন্দ্রৰ কৃষি বিষয়া হিচাপে যোৱা বছৰ অৱসৰ গ্রহণ কৰা শইকীয়াৰ মৃত্যুত স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে৷ বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সেইদৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিল্লীত থকা প্রয়াত শইকীয়াৰ সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰাৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি খবৰ লোৱাৰ লগতে তেওঁলোকক শীঘ্রে অসমলৈ ঘূৰাই অনাৰ আশ্বাস দিছে৷ বোকাখাত মহকুমা প্রশাসনৰ হৈ ৰাজহ চক্র বিষয়া মানসজ্যোতি নাথ দেওবাৰে মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷
স্মর্তব্য যে নিঃসন্তান শইকীয়াই মৃত্যুৰ সময়ত বন্তি শইকীয়াৰ লগতে এগৰাকী জ্যেষ্ঠ ভগ্নী আৰু দুই অবিবাহিত কনিষ্ঠা ভগ্নীৰ লগতে দুই ভাতৃসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে৷