১২৬ সমষ্টিতে চিবিএছইৰ অধীনত স্থাপন হ’ব আদর্শ বিদ্যালয়
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অসমৰ ১২৬টা বিধানসভা সমষ্টিতে চৰকাৰে চি বি এছ ইৰ অধীনত আদর্শ বিদ্যালয় স্থাপন কৰিব৷ বৃহস্পতিবাৰে সদনত এই কথা প্রকাশ কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ সদনৰ প্রশ্ণোত্তৰ কালত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে বিদ্যালয় একত্রীকৰণৰ পাছত খালী হোৱা বিদ্যালয় চৌহদসমূহ চৰকাৰৰ হাতলৈ আহিব৷ এই চৌহদ ভাৰাঘৰত চলি থকা আন চৰকাৰী কার্যালয়সমূহে ব্যৱহাৰ কৰিব৷ তদুপৰি যিবোৰ বিদ্যালয়ৰ ভাল আন্তঃগাঁথনি আছে আৰু একত্রীকৰণৰ ফলত সেই চৌহদ খালী হৈছে, তাত চি বি এছ ইৰ অধীনত স্থাপন কৰিবলগীয়া আদর্শ বিদ্যালয় আৰম্ভ কৰা হ’ব৷ এই বছৰেই এইসমূহ স্থানত চি বি এছ ইৰ অধীনত আদর্শ বিদ্যালয় আৰম্ভ কৰা হ’ব৷ সদনত মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে ছাত্র–ছাত্রী অনুপাতে শিক্ষক নিয়োগৰ বাবে অহা জানুৱাৰী মাহৰ প্রথম সপ্তাহৰ পৰা শিক্ষা বিভাগে পদক্ষেপ গ্রহণ কৰিব৷ কম ছাত্র–ছাত্রী থকা বিদ্যালয়ৰ পৰা শিক্ষক–শিক্ষয়িত্রীস অধিক ছাত্র–ছাত্রী থকা বিদ্যালয়লৈ বদলি কৰা হ’ব৷ আনহাতে, ২০১৭ আৰু ২০১৮ বর্ষত দুবাৰকৈ গুণোৎসৱ অনুষ্ঠিত কৰি গুণোৎসৱত পর্যবেক্ষকৰ প্রতিবেদনৰ ভিত্তিত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে অতিৰিক্ত শ্রেণীকোঠা নির্মাণ, শিক্ষার্থীৰ বাবে আছুতীয়া প্রস্রাৱাগাৰ নির্মাণ, পার্টিচন ৱাল আৰু বিদ্যুৎ সংযোগ কৰাৰ পদক্ষেপ লোৱা হৈছে৷ শৈক্ষিক মান উন্নীত কৰাৰ বাবে শিকন ঘাটি চিনাক্তকৰণ, মুক্ত শৈক্ষিক সমল প্রস্তুতকৰণ আৰু বিদ্যালয়সমূহৰ বিতৰণ, শিক্ষকৰ প্রশিক্ষণ, শিকন–শিক্ষণ সমলৰ প্রস্তুতকৰণ, নিদানমূলক শিক্ষা প্রদানৰ ব্যৱস্থা লোৱা হৈছে৷ গুণোৎসৱৰ পর্যবেক্ষকৰ পৰামর্শৰ ভিত্তিত চৰকাৰী তথা প্রাদেশীকৃত প্রাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুঠ ৯৬২.৯৩ কোটি টকাৰ প্রস্তাৱ সর্বশিক্ষা অভিযানৰ তৰফৰ পৰা অনুমোদনৰ বাবে লাভ কৰা হৈছে৷ ৪১,০৪৯খন নিম্ন তথা উচ্চ প্রাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১০,৪৭২ পৃথকীকৰণ দেৱাল, ১৩,৫৬৪ অতিৰিক্ত শ্রেণীকোঠা, ১,৩৭৯ শিক্ষার্থীৰ শৌচাগাৰ, ৩৭,৫৬০ বিদ্যালয়ৰ বিদ্যুতীকৰণৰ ব্যৱস্থা কৰা হৈছে৷ আৰ আই ডি এফৰ অধীনত মুঠ ৭৪৭.৪৩ কোটি টকাৰ প্রশাসনীয় অনুমোদন জনোৱা হৈছে৷ ইয়াৰ অধীনত তিনিখন পাহাৰীয়া জিলা, বি টি আৰৰ চাৰিখন জিলা, নামনি অসমৰ ৯খন জিলা আৰু উজনি অসমৰ ১৪খন জিলাৰ ২৭,১৭৯খন বিদ্যালয়ত দেৱাল পৃথকীকৰণ, অতিৰিক্ত শ্রেণীকোঠা, শিক্ষার্থীৰ শৌচাগাৰ আৰু বিদ্যুতীকৰণৰ কাম আৰম্ভ কৰাৰ বাবে অনুমোদন জনোৱা হৈছে৷ ২০১৯–২০ত আৰ আই ডি এফৰ অধীনত ১০,৮৫৫খন নিম্ন তথা উচ্চ প্রাথমিক বিদ্যালয়ত ৭৭.৭৯ কোটি টকা আৰু ২০২১–২২ত ৭,৬২২খন নিম্ন তথা উচ্চ প্রাথমিক বিদ্যালয়ক ১৪২.৯২ কোটি টকা মোকলাই দিয়া হৈছে৷ তেওঁ আৰু কয় যে ৰাজ্যৰ ৫০ বছৰ আৰু ৭৫ বছৰ পাৰ কৰা ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও চৰকাৰে পদক্ষেপ লৈছে৷ ইয়াৰে ২,৫০০খন প্রাথমিক, মাধ্যমিক বিদ্যালয়ৰ প্রতিখনতে ৫০ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ সেইদৰে মাধ্যমিক শিক্ষা বিভাগৰ অধীনস্থ ৭৫ বছৰ পূর্ণ কৰা ২০৯খন বিদ্যালয়ৰ প্রতিখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটিকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে৷
ইপিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বছৰেকীয়া মাচুলৰ প্রসংগত সদনত মন্ত্রী ডাঃ পেগুৱে কয় যে মাচুল নিয়ন্ত্রৰণৰ বাবে চৰকাৰে ইতিমধ্যে এখন ৰেগুলেটৰী কমিটী গঠন কৰি দিছে৷ প্রাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে এখন আৰু মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে এখন কমিটী গঠন কৰি দিছে৷ চৰকাৰে প্রিপেটৰীৰ পৰা ৫ম শ্রেণীলৈ বছৰেকীয়া মাচুল সর্বাধিক ২৭ হাজাৰ টকা, ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৩২ হাজাৰ টকা, উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাৰ বাবে ৩৭ হাজাৰ টকা, কলা শাখাৰ বাবে ৩২ হাজাৰ টকা আৰু বাণিজ্য শাখাৰ বাবে ৩৩ হাজাৰ টকা ধার্য কৰি দিছে৷ ৰাজ্যখনৰ ১,৭৫৮খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উল্লিখিত নিৰিখতকৈ কমকৈ মাচুল আদায় লয়৷ ৯৮খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল ইতিমধ্যে নিয়ন্ত্রণ কৰা হৈছে৷ ১৩খন বিদ্যালয়ে ইতিমধ্যে উচ্চ ন্যায়ালয়লৈ গৈছে৷
আনহাতে, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ প্রসংগত মন্ত্রী ডাঃ পেগুৱে সদনত কয় যে যোৱা ১৫ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যি ১০টা সংকল্প গ্রহণ কৰিছিল, তাৰ ভিতৰত এটা হৈছে সকলোৱে শিক্ষানুষ্ঠানলৈ যোৱাটো৷ সেয়ে তেওঁ বিধায়কসকলক নিজ নিজ অঞ্চলৰ শিক্ষানুষ্ঠানলৈ গৈ সমস্যাৰ অধ্যয়ন কৰি সেই বিষয়ে তেওঁক অৱগত কৰাৰ আহ্বান জনায়৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতি আৰম্ভ হ’লে অংগনৱাড়ী কেন্দ্রসমূহ য’ত যেনেকৈ আছে, তেনেদৰেই থাকিব বুলি স্পষ্ট কৰি দিয়ে৷ শিৱসাগৰৰ ৰাজীব গান্ধী সমবায় বিশ্ববিদ্যালয় সম্পর্কত মন্ত্রী ডাঃ পেগুৱে কয় যে বিশ্ববিদ্যালয়খন সমবায় বিভাগৰ অধীনস্থ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকে বিশ্ববিদ্যালয়খন শিক্ষা বিভাগৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বর্তমান বিষয়টো হস্তান্তৰ প্রক্রিয়াৰ মাজত আছে৷ সদনত শিক্ষা বিভাগৰ ওপৰত হোৱা প্রশ্ণোত্তৰ কালত বিধায়ক মনোৰঞ্জন তালুকদাৰ, অখিল গগৈ, কমলাক্ষ দে’ পুৰকায়স্থ, আমিনুল ইছলাম, জাকিৰ হুছেইন শিকদাৰ, দিগন্ত কলিতা, দুর্গাদাস বড়ো, ৰেকিবুদ্দিন আহেমদ, ৰফিকুল ইছলাম আদিয়ে অংশগ্রহণ কৰে৷