১২ মার্চত ২৪ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহ্বান তিৱা সংগঠনৰ
নিয়মীয়া বার্তা,৮ মার্চঃ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্র আইন ২০১৭ ৰাভা হাছং স্বায়ত্ত পৰিষদ এলেকাৰ পৰা প্রত্যাহাৰৰ ঘোষণা কৰাৰ পিছতেই তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে মধ্য অসমৰ তিৱা স্বায়ত্ত পৰিষদ এলেকাত ৷ এই ঘোষণাৰ দ্বাৰা অসম চৰকাৰে তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ বাসিন্দাসকলৰ প্রতি চূড়ান্ত বৈষম্য আৰু অৱমাননা কৰা বুলি গর্জি উঠিছে তিৱা জাতীয় সংগঠনসমূহ৷ সদৌ তিৱা ছাত্র সন্থাৰ মৰিগাঁও নগৰস্থিত মুখ্য কার্যালয়ত তিৱা জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ এক জৰুৰী সভাত সদৌ তিৱা ছাত্র সন্থা, তিৱা সাহিত্য সভা, তিৱা যুৱ–ছাত্র পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, সদৌ তিৱা মহিলা সমিতি, তিৱা সাংস্কৃতিক সমাজৰ নেতৃবৃন্দই অংশগ্রহণ কৰে৷ সভাত গৃহীত প্রস্তাৱত কোৱা হৈছে যে ৰাজধানী ক্ষেত্র আইন ২০১৭ প্রত্যাহাৰৰ দাবী তিৱা আৰু ৰাভা জাতীয় সংগঠনসমূহে জনাই আহিছে৷ সভাই অসম চৰকাৰে ৰাভা হাছং স্বায়ত্ত পৰিষদ এলেকাৰ পৰা এই আইন প্রত্যাহাৰৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা আইনখন প্রত্যাহাৰ নকৰাত তীব্র ক্ষোভ প্রকাশ কৰি তিৱা পৰিষদ এলেকাৰ পৰাও আইনখন প্রত্যাহাৰৰ দাবী জনাইছে তিৱা জাতীয় সংগঠনসমূহে৷ এক বিবৃতিত তিৱা জাতীয় সংগঠনসমূহে আইনখন বাতিলৰ দাবীত এলানি গণ আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ সেই অনুসৰি ১২ মার্চত ২৪ ঘণ্টীয়া আৰু ২০ মার্চত ৩৬ ঘণ্টীয়া মধ্য অসম বন্ধ পালনৰ আহ্বান জনাইছে৷ সংগঠনসমূহৰ নেতৃবৃন্দই এই দাবী মানি নল’লে ধাৰাবাহিক আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰিব বুলি চৰকাৰক সতর্ক কৰি দিছে৷ জনগোষ্ঠীয় জীৱন, সম্পত্তিৰ নিৰাপত্তাৰ স্বার্থত এই বন্ধ কার্যসূচী সফল কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে৷