নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ লাখ পৰিয়ালৰ বিপৰীতে মাত্র ৪৯ হাজাৰকহে পানী যোগান

নিয়মীয়া বাৰ্তা, ৬ জুনঃ  পানী যোগান আঁচনিৰ অধীনত শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে অসমৰ বাবে ১,৪০৭ কোটি টকাৰ কেন্দ্রীয় পুঁজিত মঞ্জুৰী দিছিল৷ ৰাজ্যৰ গ্রামাঞ্চলত ‘টেপ ৱাটাৰ’ৰ জৰিয়তে পানী যোগান ধৰাৰ বাবেই কেন্দ্রই ২০২০–২১ চনৰ বাবে উক্ত বুজন পৰিমাণৰ পুঁজিত অনুমোদন দিছিল৷ কিন্তু ইয়াৰ মাত্র এসপ্তাহ পিছতে পানী যোগান আঁচনিত বিশেষকৈ ‘টেপ ৱাটাৰ’ ৰূপায়ণ আঁচনিত অসম চৰকাৰৰ ব্যর্থতাত ক্ষুব্ধ হৈ কেন্দ্রীয় জলশক্তি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ এখন পত্র প্রেৰণ কৰিছে৷ পত্রখনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অভিলাষী ‘জল জীৱন অভিযান’ৰ অধীনত টেপ ৱাটাৰ আঁচনি ৰূপায়ণত ৰাজ্য চৰকাৰৰ চৰম ব্যর্থতাৰ কথা দাঙি ধৰিছে বিভাগীয় মন্ত্রীজনে৷
কেন্দ্রীয় জলশক্তি বিভাগে এক প্রেছ বিজ্ঞপ্তিযোেেগ অসম চৰকাৰৰ এই ব্যর্থতাৰ কথা প্রকাশ কৰে৷ বিবৃতিত উল্লেখ কৰা মতে, ২০১৯–২০ বিত্তীয় বর্ষত ৰাজ্যৰ ১২.৪৫ লাখ পৰিয়াললৈ টেপ ৱাটাৰ যোগান ধৰাৰ বাবে অসম চৰকাৰক ৬৯৪.৩৪ কোটি টকা অনুমোদন জনোৱা হৈছিল৷ কিন্তু ৰাজ্যখনে যোৱা বিত্তীয় বছৰটোত টেপ ৱাটাৰ যোগান ধৰিবলৈ সক্ষম হ’ল মাত্র ৪৮,৮৫২টা পৰিয়াললৈ৷ ইয়াৰ বিপৰীতে ব্যয় কৰিলে ৬৯৪.৩৪ কোটিৰ ভিতৰত মাত্র ৩৯২.৩৬ কোটি টকাহে৷ অর্থাৎ পানী যোগান আঁচনিত অসম চৰকাৰে যোৱা বছৰত ৩০১.৯৮ কোটি টকাই ব্যয় কৰাত ব্যর্থ হ’ল৷প্রধানমন্ত্রীৰ এখন অভিলাষী আঁচনি ৰূপায়ণত ৰাজ্য চৰকাৰৰ এই ব্যর্থতা সহজভাৱে ল’ব পৰা নাই বিভাগীয় মন্ত্রীজনে৷ সেয়েহে মুখ্যমন্ত্রী সোণোৱালক পত্র প্রেৰণ কৰাৰ লগতে শীঘ্রে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মন্ত্রী শ্বেখাৱটে এই সন্দর্ভত ভিডিঅ’ কনফাৰেঞ্চযোগে আলোচনাত মিলিত হ’ব বুলি বিভাগীয় প্রেছ বিজ্ঞপ্তিটোত প্রকাশ কৰা হৈছে৷
বিজ্ঞপ্তি অনুসৰি, পানী যোগান আঁচনিৰ এতিয়ালৈকে অসম চৰকাৰে যোৱা বছৰৰ ৩০২ কোটিকে ধৰি মুঠ ৪৪০ কোটি টকা ব্যৱহাৰ কৰিব পৰা নাই৷ ইয়াৰ পিছতো ২০২০–২১ বিত্তীয় বর্ষৰ বাবে ৰাজ্য চৰকাৰে অলপতে কেন্দ্রীয় চৰকাৰৰ ওচৰত পানী যোগান আঁচনিৰ বাবে আবণ্টন মোকলাই দিয়াৰ বাবে অনুৰোধ জনাইছে৷ সেয়েহে যোৱা ৩১ মে’ত কেন্দ্রীয় জলশক্তি বিভাগে ২০২০–২১ বিত্তীয় বর্ষৰ বাবে অসমক ১,৪০৭ কোটি টকা অনুমোদন জনাইছিল৷ যোৱাবাৰ ১২.৪৫ লাখ পৰিয়ালক টেপ ৱাটাৰ যোগানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছিল যদিও ৰাজ্যই যোগান ধৰিছিল মাত্র ৪৯ হাজাৰ পৰিয়াললৈ৷ এতিয়া ২০২০–২১ চনত অসমে পুনৰ গ্রামাঞ্চলৰ ১৩ লাখ পৰিয়ালক টেপ ৱাটাৰৰ পানী যোগান ধৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ প্রেছ বিজ্ঞপ্তিটোতেই এই কথা প্রকাশ কৰা হৈছে৷ আঁচনিখনৰ সফল ৰূপায়ণৰ লগতে ইয়াৰ পৰা যাতে গৰিব পৰিয়ালসমূহ লাভান্বিত হয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ নিজৰ পত্রত মন্ত্রী শ্বেখাৱটে মুখ্যমন্ত্রী সোণোৱালক পৰামর্শ দিছে৷
তদুপৰি ক’ৰোনা সংকটৰ মোকাবিলাতো কেন্দ্রৰ এই বুজন পৰিমাণৰ পুঁজিয়ে সহায় কৰিব বুলি কেন্দ্রীয় জলশক্তি বিভাগে মত ব্যক্ত কৰিছে৷ প্রব্রজিত শ্রমিকসকল এতিয়া ঘৰমুৱা হৈছে আৰু পানী যোগান আঁচনিত এতিয়া এই শ্রমিকসকলক কর্মসংস্থাপন দিয়া সম্ভৱ হ’ব৷ তদুপৰি ঘৰে ঘৰে টেপ ৱাটাৰ যোগান ধৰা সম্ভৱ হ’লে ক’ৰোনা সংক্রমণৰ পৰাও গাঁওবাসীয়ে পৰিত্রাণ লাভ কৰিব৷ কাৰণ গাঁওসমূহত এতিয়া নির্দিষ্ট স্থানত থকা টেপ ৱাটাৰৰ পৰা লোকসকলে সমূহীয়াভাৱে পানী সংগ্রহ কৰে৷ তেনে ক্ষেত্রত ক’ৰোনা সংক্রমণৰ অৱকাশ আছে বুলি কেন্দ্রীয় জলশক্তি বিভাগে আশংকা ব্যক্ত কৰিছে৷
You might also like