১৫ জুনৰ পৰা আৰম্ভ হ’ব দশম–দ্বাদশ শ্রেণীৰ পাঠদান
নিয়মীয়া বার্তা, ২৭মেঃ লকডাউনৰ ফলত স্থবিৰ হৈ পৰা বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ বিশেষকৈ দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে শিক্ষাৰ স্বাভাৱিক জীৱন ঘূৰাই অনাৰ বাবে শিক্ষা বিভাগে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়– ১ জুনত নহ’লেও ১৫ জুনৰ পৰা দশম আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম আৰম্ভ কৰা হ’ব৷ ইয়াৰ বাবে কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ৰ অনুমোদন তথা নির্দেশনাৰ বাবে যোগাযোগ কৰা হৈছে৷
কেন্দ্রীয় চৰকাৰৰ পৰা কি নির্দেশনা আহে, তালৈ বাট চাই থকা হৈছে আৰু আহিব লগা নির্দেশনা মতে পাঠদান আৰম্ভ কৰা হ’ব৷ ইফালে, ৰাজ্যৰ প্রধান প্রধান মহাবিদ্যালয়সমূহ বন্ধ হৈ পৰা হেতু ছাত্র–ছাত্রীসকলে নিজ নিজ গৃহলৈ উভতি যোৱাৰ পাছত এই ছাত্র–ছাত্রীসকলৰ বাবে বিভাগে এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অচিৰেই এই সন্দর্ভত সবিশেষ ঘোষণা কৰিব শিক্ষা বিভাগে৷ শিক্ষামন্ত্রীগৰাকীয়ে আজি ইয়াৰ আভাস দাঙি ধৰি জানিবলৈ দিয়া মতে, নতুন ব্যৱস্থাৰ দ্বাৰা বর্তমান ছাত্র–ছাত্রীসকল যি ঠাইত আছে অথবা নিজ নিজ স্থানত থাকিয়েই পাঠদান ল’ব পাৰিব৷ অর্থাৎ শিৱসাগৰত থকা কটনৰ ছাত্রীগৰাকীয়ে নিজৰ জিলাতে অথবা নগাঁৱত থকা সন্দিকৈৰ ছাত্রীগৰাকীয়ে নগাঁৱৰ কোনো কলেজতে পাঠদান ল’ব পাৰিব৷ অহা কেইদিনমানৰ ভিতৰতে শিক্ষা বিভাগে প্রস্তুত কৰা এই পদক্ষেপ ঘোষণা কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে, দশম শ্রেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়৷ ক’ৰোনা ভাইৰাছৰ জটিল পৰিৱেশৰ মাজতে শিক্ষা বিভাগে প্রতিখন জিলালৈ ইতিপূর্বে প্রেৰণ কৰা পাঠ্যপুথিসমূহৰ বিতৰণ আৰম্ভ হয়৷