১৫-১৮ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰীৰ ক’ভিড প্ৰতিষেধকক লৈ সকলো জিলা উপায়ুক্তৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আলোচনা
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ আজি পুৱা সকলো জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য আৰু শিক্ষা), বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মিলিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অহা ৩ জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা ১৫-১৮ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তাৰিত ভাৱে আলোচনা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
লগতে উপায়ুক্তসকলক বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে নিজ নিজ জিলাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিখনতে অধ্যয়নৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আগতীয়াকৈ নিৰূপণ কৰি সুচাৰুভাৱে ক’ভিড টিকাকৰণৰ বাবে প্ৰয়োজনীয় কাৰ্য-পৰিকল্পনা যুগুত কৰিবলৈ কোৱা হয়। গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা সংযোজিত হোৱা এই ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীৰ সৈতে অংশগ্ৰহণ কৰে এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, অসম চিকিৎসা সেৱা নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰনাথ নাটে, স্বাস্থ্য বিভাগৰ উপসচিব কমলজিৎ তালুকদাৰ আৰু এনএইচএমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱায়ো অংশগ্ৰহণ কৰে।