১৯৫১ চনৰ নথি-পত্ৰ অসমৰ সকলো লোকে দেখুৱাব লাগিবঃ বিধায়ক আমিনুল
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ বিতর্কিত মন্তব্য কৰি সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ খিলঞ্জীয়া সংজ্ঞাৰ ওপৰত পুনৰ বিতর্কিত মন্তব্য।এইবাৰ মুকলি মঞ্চত বিতৰ্কিত মন্তব্য দিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ খিলঞ্জীয়া সন্দৰ্ভত ১৯৫১ চনৰ ভিত্তি বৰ্ষ অসমত বসবাস কৰা মিঞা মুছলমান সকলে মানি ল’ব । কিন্তু মিঞা মুছলমান সকলে যদি ১৯৫১ চনৰ নথি পত্ৰ দাখিল কৰিব লাগে তেন্তে অসমত বস বাস কৰা আন আন জনগোষ্ঠীৰ সকলোৱে দাখিল কৰিব লাগিব নথি পত্ৰ । নহলে কোনো কাৰণতে মানি লোৱা নহ’ব। বৃহস্পতিবাৰে ধিং সমষ্টিৰ বেচামাৰী বজাৰত অনুষ্ঠিত এ আই ইউ ডি এফৰ এখন মুকলি সভাত এই মন্তব্য কৰে । বিধায়ক গৰাকীয়ে এখোজ আগুৱাই গৈ কয় ডেকা, কোঁৱৰ, হাজৰিকা, শইকীয়া, গগৈ ,বড়ো, কাৰ্বি আৰু বৰদলৈ সকলো লোকেই ১৯৫১ চনৰ নথি পত্ৰ দেখুৱাব লাগিব । অন্যথা কোনো কাৰণতে মানি লোৱা নহব ১৯৫১ চনৰ ভিত্তিবৰ্ষ । কিয়নো কোনো হিন্দু বাংলাদেশী লোকে উপাধি সলনি কৰি খিলঞ্জীয়া অন্তভুর্ক্ত হ’ব পাৰে। উক্ত মন্তব্যৰ পিছতেই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।