নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ দিনৰ পাচত ধৰা পৰিল মতিউৰ ৰহমানৰ শৰীৰত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ বৃহস্পতিবাৰে পুৱাই ৰাজ্যত আন এগৰাকী লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে । ধুবুৰীৰ মতিউৰ ৰহমান নামৰ এইগৰাকী ব্যক্তি বিগত ৫ এপ্ৰিলৰ পৰা কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যদিও ১৪ দিনত তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ কোনো ধৰণৰ লক্ষণে দেখা দিয়া নাছিল বুলি কয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ধুবুৰীৰ ৬২ বছৰীয়া এই লোকজন ক’ৰোনাত আক্ৰান্ত ধুবুৰীৰ জামালুদ্দিন হাজীৰ সংস্পৰ্শলৈ অহাৰ তথ্য লাভ কৰাৰ পাচতেই স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল ব্যক্তিগৰাকীৰ । বিশেষকৈ ১৪ দিনৰ কোৱাৰেণ্টাইনত থকাৰ পাচত ক’ভিড-১৯ পজিটিভ আহে যদিও এই ব্যক্তগৰাকীৰ ক্ষেত্ৰত ১৯ দিনৰ অন্ততহে পোহৰলৈ আহে ক’ভিড-১৯ পজিটিভ ।

উল্লেখ্য যে, যিসকল লোকে ক’ৰোনা আক্ৰান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছে অথবা একেলগে আছে তেনে লোকৰ ক্ষেত্ৰত স্বাস্থ্যবিভাগে ২৮ দিনলৈ কোৱাৰেণ্টাইনৰ সময়সীমা বৃদ্ধি কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

 

You might also like