নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ সংগঠনক লৈ গঠন জনগোষ্ঠীয় ঐক্যমঞ্চ

আৰম্ভ বিটিচি দখলৰ কুচকাৱাজ

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ বড়ো শান্তি চুক্তি স্বাক্ষৰৰ পিছত শুকুৰবাৰে কোকৰাঝাৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তাৰ পূর্বে বিটিএডিৰ অবড়ো ৰাজনীতিত চলিছে নতুন সমীকৰণ৷ বিটিএডিত থকা অবড়ো লোকসকলৰ সামাজিক–ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা সন্দর্ভত আলোচনা কৰিবৰ বাবে কেন্দ্র–ৰাজ্য চৰকাৰক ২০ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিছে ১৯টাকৈ সংগঠনৰ যৌথ মঞ্চ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই৷ প্রধানমন্ত্রীৰ ভ্রমণৰ পূর্বে আজি গুৱাহাটীৰ অসম সাহিত্য সভাৰ কার্যালয়ত সাংসদ নৱ শৰণীয়াৰ উপস্থিতিত বিটিএডিৰ ১৯টা সংগঠনৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ অবড়ো সুৰক্ষা সমিতি, সদৌ কোচ ৰাজবংশী ছাত্র সন্থা, বিটিচি সংখ্যালঘু ছাত্র সন্থা, সংখ্যালঘু সংগ্রাম পৰিষদ, কলিতা জনগোষ্ঠীয় ছাত্র সন্থা, সদৌ অসম গোর্খা জনজাতি মহাসংঘ, গোর্খা লীগ, কোচ ৰাজবংশী সন্মিলনী, অনুসূচিত জাতি ছাত্র সন্থা, নাথ যোগী ছাত্র সন্থা, গাৰো ছাত্র সন্থা, সন্মিলিত জনগোষ্ঠীয় সংগ্রাম সমিতি, জনগোষ্ঠীয় সুৰক্ষা সমিতি, কোচ ৰাজবংশী যুৱ ছাত্র সন্মিলনী, প্রাক্তন কেএল’ সমন্বয়ৰক্ষী সমিতি, চাওতাল ছাত্র সন্থা, আদিবাসী পিপল্ছ আর্মী, ৰাভা নাগৰিক মঞ্চকে ধৰি ১৯টা সংগঠনৰ প্রতিনিধিৰ উপস্থিতিত গঠন কৰা হয় সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ৷ হিতেশ্বৰ বর্মন, ব্রজেন মহন্ত, ড০ হর্ষ বাহাদুৰ ছেত্রীক উপদেষ্টা হিচাপে লৈ গঠন কৰা সমিতিখনে অবড়োৰ সমস্যা সন্দর্ভত ২০ দিনৰ ভিতৰত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ কেন্দ্র–ৰাজ চৰকাৰক সকীয়াই দিছে৷ আজি এখন সংবাদ মেলত এই বিষয়ে সদৰী কৰি কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই কয় যে কাইলৈ বিজয় উৎসৱ পালনৰ বাবে কোকৰাঝাৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ইয়াৰ পূর্বে দুবাৰ চেষ্টা কৰিও ৰাজ্যৰ পৰিস্থিতিৰ বাবে অসমলৈ আহিব পৰা নাছিল প্রধানমন্ত্রীগৰাকী৷ এইবাৰ তেওঁৰ তৃতীয়টো প্রয়াস৷ প্রধানমন্ত্রীৰ ভ্রমণৰ সময়ছোৱাত অবড়ো সুৰক্ষা সমিতিয়ে বন্ধৰ আহ্বান জনাইছিল যদিও ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানত সাময়িকভাৱে বন্ধ প্রত্যাহাৰ কৰা হৈছে৷ কোৱা হৈছে যে বিগত ৫০ বছৰ ধৰি অব্যাহত থকা বড়ো আন্দোলনৰ এইখনেই শেষ চুক্তি৷ বড়ো সশস্ত্র সংগঠনৰ পৰিসমাপ্তি ঘটা বুলি কৈছে৷ দীঘলীয়া বড়ো আন্দোলনৰ সময়ছোৱাত ৬–৭ হাজাৰ আদিবাসী লোককে ধৰি ১০ হাজাৰৰো অধিক অবড়ো লোকে প্রাণ হেৰুৱাইছে৷ অবড়ো লোকসকলৰ নিজৰ সুৰক্ষা–ধিকাৰ সন্দর্ভত বহু কথাই ক’বলগীয়া আছিল, কিন্তু চৰকাৰে এবাৰো আলোচনাৰ বাবে আমন্ত্রণ নজনালে৷ গতিকে কেন্দ্র–ৰাজ্য চৰকাৰক অবড়োৰ সামাজিক, ৰাজনৈতিক অধিকাৰ, নিৰাপত্তা আৰু সুৰক্ষা সন্দর্ভত আলোচনাৰ বাবে ২০ দিনৰ সময়সীমা দিয়া হৈছে৷ লগতে বিটিআৰৰ সময়সীমা নির্ধাৰণৰ বাবে যি আয়োগ গঠন কৰা হ’ব, তাত স্থানীয় সাংসদৰ মনোনীত বা জাতীয়–জনগোষ্ঠীয় প্রতিনিধিক অন্তর্ভুক্ত কৰা, বিটিচি নির্বাচনত অবৈধ অস্ত্রৰ ব্যৱহাৰ বন্ধ কৰাৰ লগতে বিটিএডিত বসবাস কৰা ৭০ শতাংশ অবড়ো লোকৰ অধিকাৰ নিশ্চিত কৰা সন্দর্ভত এই আলোচনা হ’ব লাগিব৷ অন্যথা শান্তি চুক্তি স্বাক্ষৰ কৰিলেও বিটিএডিলৈ স্থায়ী শান্তি নাহিব৷ বন্ধৰ কার্যসূচী বাতিল কৰিলেও আন্দোলন চলি থাকিব বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে অবড়োসকলৰ যুঁজ কাৰোবাক পৰাজিত কৰিবৰ বাবে নহয়৷ এই যুঁজ নিজৰ অধিকাৰ আৰু মর্যাদা ৰক্ষাৰ যুঁজ৷ যদিহে এই লোকসকলক চৰকাৰে ঠগাম বুলি ভাবিছে, তেনেহ’লে এয়া তেওঁলোকৰ বাবে চৰম মূর্খামি হ’ব৷ সাংসদ নৱ শৰণীয়াৰ মতে বিটিএডিত অবড়োৱে ৰজা পাতিবও পাৰে, ভাঙিবও পাৰে৷ যদিহে অহা নির্বাচনত তেওঁৰ সমর্থিত প্রার্থীসকল বিজয়ী হয়, তেনেহ’লে বিটিচি চুক্তি পুনৰীক্ষণ কৰা হ’ব, বিটিআৰ কার্যকৰী কৰাৰ প্রসংগই নাহে৷ সেই উদ্দেশ্যেৰে শনিবাৰৰ পৰাই বিটিচি দখলৰ কুচকাৱাজ আৰম্ভ কৰা হ’ব বুলি সাংসদগৰাকীয়ে ঘোষণা কৰে৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীকো স্মাৰক–পত্র প্রদান কৰি অবড়োৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰা হ’ব বুলিও সংবাদ মেলত তেওঁ সদৰী কৰে৷ আনহাতে সংবাদ মেলত আক্রাছুৰ উপদেষ্টা হিতেশ্বৰ বর্মনে কয় যে কাইলৈ কোকৰাঝাৰত বিজয় উৎসৱ উদ্যাপন কৰা হ’ব৷ তাৰ মানে যুদ্ধত অস্ত্রধাৰীসকল জিকিল, চৰকাৰ পৰাজিত হ’ল৷ একপক্ষীয় শান্তি চুক্তি কেতিয়াও গ্রহণযোগ্য নহয়৷ বিটিএডিত বসবাস কৰা ৭০ শতাংশ অবড়ো লোকৰ সমস্যা সন্দর্ভত ২০ দিনৰ ভিতৰত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগিবই৷ সম–ধিকাৰ, সম–মর্যাদাৰ বাবে বিটিএডিত আন্দোলন চলি থাকিব বুলি সংবাদ মেলত আক্রাছু তথা সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ উপদেষ্টা হিতেশ্বৰ বর্মনে ঘোষণা কৰে৷

You might also like