নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ কেজি চাহৰ মূল্য ১ লাখ টকা! ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগানে নিজৰেই অভিলেষ ভংগ কৰিলে

নিয়মীয়া বাৰ্তা, ১৪ডিচেম্বৰঃ কিমাচাৰ্যম!অবিশ্বাৰ্য্য! অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য কিমান হব পাৰে বাৰু?আচৰিত নহব,আজিৰ তাৰিখত অসমত এক কিলোগ্ৰাম চাহৰ মূল্য আপোনালোকে ধাৰানা কৰাতকৈও বহু হাজাৰ গুন বেছি হব পাৰে। হয় ডিব্ৰুগড়ৰ মনোহাৰী গল্ড চাহে আজি এক কেজি চাহপাতৰ মূল্য ৯৯,৯৯৯.০০ টকাত নিলাম কৰি বিশ্ব অভিলেখ গঢ়িছে।ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিছাৰ এই চাহৰ মূল্য গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত আজি এক কেজি চাহপাতত ৯৯,৯৯৯.০০ টকাত বিক্ৰী কৰি এক অভুতৰ্পূব অভিলেষৰ স্বৃষ্টি কৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ চাহৰ নিলাম কেন্দ্ৰত আজি এই সৰ্ব্বোচ্চ পৰিমাণত নিলাম কৰিবলৈ সক্ষম হয়।পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়া ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই পুনৰ নিজৰেই অভিলেখ নিজেই ভংগ কৰিবলৈ সক্ষম হয়।ডিব্ৰুগড়ৰ এই মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰত পূৰ্বে বিগত ২০১৮ চনত এক কেজি চাহত ৩৯,০০১ টকাত নিলাম কৰি অভিলেখ গঢ়িছিল।পুনৰ ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি এক কেজি চাহ নিলাম হৈছিল ৫০ হাজাৰ টকাত।পুনৰ ২০২০ চনত ৭৫ ০০০ টকাত বিক্ৰী কৰি নিজৰ অভিলেখ ভংগ কৰিছিল বিশ্বত।পুনৰ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিছাই বিশ্বৰ চাহৰ বজাৰৰ সৰ্বোচ্চ মূল্যৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আজি গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰৰ পৰা গুৱাহাটীৰ ‘সৌৰভ টি ট্ৰেৰ্ডাচে’ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ এই চাহ সব্বোৰ্ছ দৰত ক্ৰয় কৰিছে।মনোহাৰী চাহ বাগিছাই চলিত বছৰত ১০ কিলোগ্ৰাম এই চাহ তৈয়াৰ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল যদিও মাত্ৰ ২ কেজিহে গল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।প্ৰতিকূল বতৰৰ বাবে লক্ষ্যত উপনীত হব নোৱাৰাৰ বাবে স্বত্বাধিকাৰী ৰাজেন লোহিয়াই দুখ প্ৰকাশ কৰে।আজি উৎপাদিত দুই কেজি চাহৰ ১কেজি চাহ গুৱাহাটীৰ নিলাম কেন্দ্ৰত বিক্ৰী কৰাৰ বিপৰীতে অতিৰিক্তখিনি কিছুমান নিৰ্দ্ধাৰিত বিপনীত গ্ৰাহকৰ বাবে ৰাখিব বুলি স্বত্বাধিকাৰী লোহিয়াই সদৰী কৰে।বাগিচা খনৰ শ্ৰমিক-কৰ্মচাৰী সকলৰ নিৰন্তৰ, আশুসুদীয়া প্ৰচেষ্টাৰ বাবে এনেদৰে চাহ নিলাম কেন্দ্ৰত সৰ্বোচ্চ দৰত এই চাহ বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় বুলি স্বত্বাধিকাৰী ৰাজেন লোহিয়াই আজি সাংবাদিকক অৱগত কৰে।

উল্লেখ্য যে, গুণগত আৰু বিশেষ চাহৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ বিশ্বৰ এক গুৰুত্বপূৰ্ণ নিলামকেন্দ্ৰত পৰিণত হোৱাৰ লগতে চাহ বিক্ৰেতাসকলক উচিত মূল্যত উৎপাদিত চাহ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে।ক’ৰোনা কালতো সৰ্বাধিক লোকচানৰ সন্মুখীন হোৱা চাহ উদ্যোগৰ বাবে স্বাভাৱিকতেই চাহৰ এই অভিলেখে অসমৰ চাহে পুনৰ সমগ্ৰ বিশ্বত এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰেৰক: ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like