নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ত অলিম্পিক সংস্থাৰ নিজা ভৱন

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃঅসমৰ ক্রীড়া ক্ষেত্রক ইতিবাচক দিশত আগবঢ়াই নিবলৈ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰিছে বহুবোৰ গুৰুত্বপূর্ণ তথা ঐতিহাসিক পদক্ষেপ৷ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা ৰাজ্য চৰকাৰৰ ছাত্র আৰু যুৱকল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে দেওবাৰে ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসমে আয়োজন কৰা ‘মীট দ্যা প্রেছ’ শীর্ষক অনুষ্ঠানত অংশগ্রহণ কৰি এই কথা প্রকাশ কৰে৷ তেওঁ কয় যে খেলুৱৈ, খেলপথাৰৰ লগতে সংগঠকসকলৰ বাবেও চৰকাৰে কিছুমান বিশেষ আঁচনি গ্রহণ কৰিছে৷ ক্রীড়া সংগঠকসকলক ভ্রমণৰ ক্ষেত্রত বিশেষভাবে সকাহ দিবলৈ ৰাজ্য চৰকাৰে শীঘ্রেই ৰে’ল ভ্রমণৰ বেলিকা টিকটৰ মূল্যত ৰেহাই দিয়াৰ বাবে ৰে’ল বিভাগক প্রস্তাৱ দিব৷ আনহাতে, অসম অলিম্পিক সন্থাৰ এক নিজা অত্যাধুনিক ভৱন নির্মাণৰ বাবেও চৰকাৰে সৰুসজাইৰ ‘ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়মা’ৰ আশে–পাশে কাম আৰম্ভ কৰাৰ কথাও তেওঁ সদৰী কৰে৷ আগন্তুক বর্ষৰ প্রথম ভাগতেই আৰম্ভ হ’ব পাৰে এই ভৱন নির্মাণৰ কাম৷ এপ্রিলৰ পৰা ৰাজ্যিক ক্রীড়া বিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব বুলি সদৰী কৰি কোঁৱৰে কয় যে চাবুৱাত নির্মাণকার্য চলি থকা ক্রীড়া বিশ্ববিদ্যালয়ত অসমৰ এগৰাকী প্রখ্যাত ফুটবলাৰ বাবুল ফুকনৰ স্মৃতি সজীৱ কৰি ৰখা হ’ব৷ উল্লেখ্য, চলিত বছৰৰ ১০ নৱেম্বৰত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হোৱা লক্ষ্য কোঁৱেৰ চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত এথলেটিক ফেডাৰেচন অব ইণ্ডিয়াৰ কার্যকৰী সদস্যৰ দায়িত্ব লাভ কৰিছিল৷

You might also like