নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ এপ্ৰিলৰ পাছত কি কি খুলিব, কি কি বন্ধ থাকিব?

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ২০ এপ্ৰিলৰ পাছত ৰাজ্যভেদে লক ডাউন শিথিল হোৱাৰ সম্ভাৱনা। লক ডাউনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে গাইড লাইন। ২১ এপ্ৰিলৰ পুৱাৰ পৰা প্ৰযোজ্য হ’ব এই গাইড লাইন। অসমত কিছু পৰিমাণে শিথিল হ’ব লক ডাউন।

অসমত খোলা থাকিব—

  •  স্বাস্থ্য সেৱা
  • নতুনকৈ নিমাণ হৈ থকা হাস্পতালৰ কাম আৰম্ভ হ’ব
  • ৰেচনৰ দোকান
  • ফল-মূলৰ দোকান
  • শাক-পাচলিৰ দোকান
  • মাছ-মাংসৰ দোকান
  • গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী দোকান খোলা থাকিব
  • অব্যাহত থাকিব কৃষি খণ্ডৰ কাম-কাজ
  • কৃষি সা-সঁজুলি আৰু যন্ত্ৰপাতিৰ দোকান খোলা থাকিব
  • সাৰ আৰু কীটনাশক দ্ৰব্যৰ বিতৰণ কেন্দ্ৰ আৰু দোকান খোলা থাকিব
  • হাঁহ কুকুৰাৰ পাম খোলা থাকিব
  • চাহ বাগিচা, ৰবৰ বাগান, কাজু বাগানৰ কাম ৫০ শতাংশ কৰ্মচাৰীৰে অব্যাহত থাকিব
  • চলিব MNREGAৰ কাম
  • মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ’ব
  • ইটা ভাটা আৰু তেলৰ উদ্যোগ খোলা থাকিব
  • জলসিঞ্চন আৰু জল সংৰক্ষণৰ কাম আৰম্ভ
  • গ্ৰাম্য অঞ্চলত ৰাস্তা-ঘাট নিৰ্মাণৰ কাম আৰম্ভ
  • তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগৰ কাম আৰম্ভ
  • বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব
  • খুলিব ডাকঘৰ, টেলিকমিউনিকেছন আৰু ইণ্টাৰনেট সেৱা
  • মালবাহী ৰে’ল আৰু মালবাহী বাহনৰ চলাচল আৰম্ভ
  • খুলিব হাইৱে’ৰ ধাবা আৰু ট্ৰাকৰ গেৰেজ
  • কয়লা খনন আৰু সৰবৰাহ খোলা থাকিব
  • জৰুৰীকালীন সেৱাৰ বাবে ব্যক্তিগত বাহনত চালক আৰু এজন যাত্ৰীৰ বাবে অনুমতি

বন্ধ হৈ থাকিব—

  • শিক্ষানুষ্ঠান
  • যাতায়াত ব্যৱস্থা
  • ব্যক্তিগত বাহনৰ চলাচলত নিষেধাজ্ঞা

আনহাতে চৰকাৰী কাৰ্যালয়সমূহৰ ১ম বৰ্গ আৰু ২য় বৰ্গৰ কৰ্মচাৰীসকল প্ৰয়োজন সাপেক্ষে আহিব লাগিব। ৩য় বৰ্গ আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকল উপস্থিতি ৩৩শতাংশ। কাৰ্যালয়ৰ মূৰব্বীসকলে নিৰ্ধাৰণ কৰিব কৰ্মচাৰীসকলৰ উপস্থিতিৰ সূচী। আনহাতে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজনীয়।

You might also like