২১ অনূর্ধ্ব ল’ৰাৰ ফুটবলৰ ফাইনেলত অসম
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছৰ ফুটবলত চমক সৃষ্টি কৰিছে অসমৰ ল’ৰাৰ ২১ বছৰ অনূর্ধ্ব দলটোৱে৷ সৰুসজাই ক্রীড়া প্রকল্পত কালি অনুষ্ঠিত ল’ৰাৰ ২১ বছৰ অনূর্ধ্বৰ ছেমিফাইনেলত অসমে শক্তিশালী মহাৰাষ্ট্রক ৩–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খেলো ইণ্ডিয়া য়ুথ গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে৷
প্রতিযোগিতাখনৰ আৰম্ভণিৰে পৰা দুর্দান্ত প্রদর্শনেৰে ফুটবলপ্রেমীৰ মন জয় কৰা অসমৰ যুৱ দলটোৱে মহাৰাষ্ট্রক প্রথমটো অর্ধতে বিধ্বস্ত কৰে৷ আৰম্ভণিৰে পৰা আক্রমণাত্মক ৰণনীতিৰে খেলপথাৰত নমা ঘৰুৱা দলটোৱে ৩২ মিনিটত প্রথমটো অগ্রগতি অর্জন কৰিবলৈ সক্ষম হয়৷ দীপু মির্ধাই অসমৰ হৈ প্রথমটো গ’ল কৰে৷ ৪২ মিনিটত প্রতিভাৱান ষ্ট্রাইকাৰ উদয় শংকৰ বৰাই আয়োজক ৰাজ্য অসমৰ হৈ দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয়৷
প্রথমার্ধত ২–০ৰ অগ্রগতি লাভ কৰি থকা দলটোৱে দ্বিতীয়ার্ধতো সুন্দৰ আৰম্ভণি লাভ কৰে৷ ৫০ মিনিটত দীপু মির্ধাই ব্যক্তিগতভাৱে দ্বিতীয় আৰু অসমৰ হৈ সামগ্রিকভাৱে তৃতীয়টো গ’ল কৰি ঘৰুৱা দলটোক জয়ৰ দিশে আগুৱাই নিয়ে৷
উল্লেখ্য যে প্রতিযোগিতাখনত অসমৰ ২১ বছৰ অনূর্ধ্ব ল’ৰাৰ দলটোৱে ইয়াৰ পূর্বে দিল্লী, কর্ণাটকৰ দৰে শক্তিশালী দলকো পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷