নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মাহতে পিঁয়াজৰ ৮৮–মিঠাতেলৰ ৮৪–মচুৰ দাইলৰ ৫০ শতাংশ বাঢ়িল দৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ক’ৰোনা মহামাৰী আৰু লকডাউনৰ পাছতেই ক্রমাৎ ঊর্ধ্বমুখী হোৱা খাদ্য–সামগ্রীৰ দামে ৰাজ্যবাসীক জুৰুলা কৰি ৰাখিছে৷ প্রতিবিধ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী দাম বৃদ্ধিৰ বিপৰীতে কিন্তু সাধাৰণ ৰাইজক সকাহ দিবলৈ ৰাজ্য চৰকাৰে কার্যকৰী পদক্ষেপ গ্রহণত ব্যর্থ হৈছে৷ আজি বিধানসভাত খাদ্য–সামগ্রীৰ এনে মূল্যবৃদ্ধিক লৈ খাদ্য আৰু অসামৰিক যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসে দাঙি ধৰা তথ্যই সকলোৰে চকু কপালত তুলিছে৷ বিধায়ক অখিল গগৈৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী দাসে আজি সদনত দাখিল কৰা খাদ্য–সামগ্রীৰ মূল্যৰ তালিকাই স্পষ্ট কৰি তুলিছে কিদৰে প্রতিবিধ সামগ্রীৰ মূল্য আকাশলংঘী হৈছে৷ তথ্য অনুসৰি ২০২০ চনৰ মার্চ মাহৰ পৰা চলিত বর্ষৰ ডিচেম্বৰ মাহলৈকে অর্থাৎ যোৱা ২১টা মাহত সর্বাধিক দাম বৃদ্ধি ঘটিছে পিঁয়াজ, মিঠাতেল আৰু দাইলৰ৷ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ২০২০ চনৰ মার্চ মাহত প্রতিকিলো মচুৰ দাইল (ডাঙৰ)ৰ দাম আছিল ৬৩ টকা৷ আনহাতে, বর্তমান প্রতিকিলো মচুৰ দাইলৰ দাম ১০০ টকা৷ অর্থাৎ যোৱা ২১ মাহত মচুৰ দাইলৰ দাম ৫০.৭৯ শতাংশলৈ বৃদ্ধি হৈছে৷ খুচুৰা বজাৰত ৫০ শতাংশতকৈ অধিক দাম বৃদ্ধিৰ বিপৰীতে পাইকাৰী বজাৰত প্রতিকিলো মচুৰ দাইলৰ দাম সর্বাধিক ২৬.৬৯ শতাংশলৈ বৃদ্ধি পাইছে৷ একেদৰে ২০২০ চনৰ মার্চ মাহত প্রতিকিলো আইজং চাউলৰ দাম আছিল সর্বাধিক ২৭–৪০ টকা৷ বর্তমান আইজং চাউলৰ মূল্য ৩৪–৪০ অর্থাৎ খুচুৰা বজাৰত প্রায় ২৫.৯৩ শতাংশ মূল্যবৃদ্ধি ঘটিছে৷ ইফালে মিঠাতেলৰ ক্ষেত্রতো ২০২০ চনৰ মার্চ মাহৰ তুলনাত বর্তমান মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে৷ ২০২০ চনৰ মার্চ মাহত মিঠাতেলৰ মূল্য আছিল প্রতিলিটাৰত ৯০ টকাৰ পৰা ১৩২ টকা৷ ইয়াৰ বিপৰীতে বর্তমান মিঠাতেলৰ মূল্য ১৬৬–২০৬ টকালৈ বৃদ্ধি হৈছে৷ অর্থাৎ প্রতিলিটাৰ মিঠাতেলৰ মূল্য খুচুৰা বজাৰত ৮৪.৪৪ শতাংশলৈ বৃদ্ধি হৈছে৷ মচুৰ দাইল (সৰু) ২০২০ চনৰ মার্চ মাহত প্রতিকিলোৰ দাম আছিল ৮০–১০০ টকা৷ বর্তমান ইয়াৰ মূল্য ৯৮–১০৪ টকালৈ বৃদ্ধি হৈছে৷ খুচুৰা বজাৰত সেই দাইলৰ দাম ২২.৫০ শতাংশলৈ বৃদ্ধি পাইছে৷ প্রতিকিলো বুটৰ দাইলৰ দাম ২০২০ চনত আছিল ৫৭–৭০৷ এই মূল্য বর্তমান ৭০–৮০ টকালৈ বৃদ্ধি হৈছে৷ অর্থাৎ সর্বাধিক ২২.৮১ শতাংশলৈ বুটৰ দাইলৰ মূল্য বৃদ্ধি ঘটিছে৷ ইফালে ২০২০ চনত প্রতিকিলো পিঁয়াজৰ মূল্য আছিল ১৮–৩৬ টকা৷ বর্তমান প্রতিকিলো পিঁয়াজৰ মূল্য ৩৪–৪১ টকালৈ বৃদ্ধি হৈছে৷ প্রায় ৮৮.৮৯ শতাংশলৈ মূল্যবৃদ্ধি ঘটিছে পিঁয়াজৰ৷ আলুৰ ক্ষেত্রতো ২০২০ চনত প্রতিকিলো আলুৰ মূল্য আছিল ১৬–২০ টকা৷ বর্তমান খুচুৰা বজাৰত প্রতিকিলো আলুৰ ২১ টকালৈ দাম বৃদ্ধি ঘটিছে৷ ৰহৰ দাইলৰ প্রতিকিলোৰ মূল্য ২০২০ চনত আছিল ৭২–৯৩ টকা৷ বর্তমান এই মূল্য ৯৫–১০৭লৈ বৃদ্ধি পাইছে৷ প্রায় ৩১.৯৪ শতাংশলৈ বৃদ্ধি হৈছে ৰহৰ দাইলৰ দাম৷ আনহাতে, ২০২০ চনত প্রতিকিলো আটাৰ খুচুৰা মূল্য আছিল ৩৪ টকা৷ অৱশ্যে বর্তমান ইয়াৰ প্রতিকিলোৰ দাম ৩০ টকালৈ হ্রাস হৈছে৷ প্রায় ১৩.৩৩ শতাংশ হ্রাস পাইছে আটাৰ মূল্য৷ বিধানসভাত মন্ত্রী দাসে প্রকাশ কৰা অনুসৰি খাদ্য–সামগ্রীৰ দাম বৃদ্ধি হ্রাস কৰিবলৈ যোগান বিভাগে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি জিলা উপায়ুক্তসকলক খাদ্য–সামগ্রীসমূহৰ্ পর্যাপ্ত মজুতকৰণ আৰু মূল্য স্থিৰ ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷ খাদ্য–সামগ্রীসমূহৰ্ মূল্য যাতে ব্যৱসায়ীয়ে বৃদ্ধি ঘটাব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখিবলৈ নির্দেশ দিয়াৰ লগতে দাম বৃদ্ধি ঘটোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰো নির্দেশ দিয়া হৈছে৷ সমান্তৰালভাৱে কোনো জিলাত যদি সামগ্রীৰ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হয়, তেন্তে তাৎক্ষণিকভাৱে ইয়াৰ কাৰণ পৰীক্ষা কৰাৰ লগতে ইয়াৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷ যোগান বিভাগে ৰে’ল কর্তৃপক্ষ, ভাৰতীয় খাদ্য নিগম আৰু ব্যৱসায়ী সন্থাৰ সৈতে সময়ে সময়ে সভা অনুষ্ঠিত কৰি অত্যাৱশ্যকীয় সামগ্রীসমূহৰ ক্রয়–বিক্রয় কৰোঁতে যাতে কোনা বাধাৰ সৃষ্টি নহয়, তাৰ প্রতিও নজৰ ৰাখিবলৈ দিয়া হৈছে৷ আন এক প্রশ্ণৰ উত্তৰত যোগানমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে বজাৰত খাদ্য–সামগ্রীৰ দাম বৃদ্ধি আৰু মজুতকৰণৰ বিৰুদ্ধে ইতিমধ্যে বিভাগে ব্যৱসায়ীৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷

You might also like