২৪ ডিচেম্বৰত আজমলৰে বহিব বিধায়ক শ্বেৰমান, শীঘ্রে ইউডিএফলৈ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ কংগ্রেছ এৰি পুনৰ নিজৰ পুৰণি ঘৰ এ আই ইউ ডি এফলৈ উভতি যাব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শীঘ্রেই বিধায়কগৰাকীয়ে দলটোত যোগদান কৰিব৷ ইয়াৰ পূর্বে বদৰুদ্দিন আজমলৰ স’তে আনুষ্ঠানিক বৈঠকত বহিব কংগ্রেছৰ নিলম্বিত বিধায়কজন৷ অহা ২৪ ডিচেম্বৰত হোজাহত বদৰুদ্দিন আজমলৰ স’তে মুখামুখি হ’ব বিধায়ক শ্বেৰমান৷
আনহাতে বিধানসভাৰ শীতকালীন অধিৱেশনৰ পাছতে কংগ্রেছৰ পৰা পদত্যাগ কৰিব বিধায়কগৰাকীয়ে৷ মাজুলীৰ লগতে বাঘবৰ সমষ্টিতো উপ–নির্বাচন অনুষ্ঠিত হ’ব আৰু বাঘবৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ প্রার্থী হিচাপে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলী আহমেদে৷ আনকি ২০২৪ চনৰ লোকসভা নির্বাচনত এ আই ইউ ডি এফ দলৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ পৰা প্রার্থী হিচাপে শ্বেৰমান আলী আহমেদক প্রক্ষেপ কৰা হ’ব৷ বিধায়কগৰাকীৰ এক ঘনিষ্ঠ সূত্রই এই কথা নিশ্চিত কৰিছে৷
উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদৰ সম্পর্কে বিতর্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলোহী হৈছিল বাঘবৰ সমষ্টিৰ কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদ৷ বিধায়কগৰাকী জে’ললৈ যোৱাৰ সময়তে কংগ্রেছ দলে নিলম্বিত কৰিছিল৷ শেহতীয়াকৈ জে’লৰ পৰা ওলাই আহিয়েই কংগ্রেছৰ বিধায়িনী দলৰ উপ–দলপতি বিধায়ক ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক শ্বেৰমান৷ কংগ্রেছৰ সংখ্যালঘু বিধায়কসকল ভীৰু–কাপুৰুষ–ভৰি চেলেকা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে৷
মূলতঃ কংগ্রেছৰ সংখ্যালঘু নেতা–বিধায়কসকলৰ প্রতি তীব্র বিষোদগাৰ কৰিছিল বিধায়কগৰাকীয়ে৷ উল্লেখ্য যে ২০১১ চনত বাঘবৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল শ্বেৰমান আলী আহমেদ৷ পৰৱর্তী সময়ত ২০১৬ চনত এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰি শ্বেৰমান আলী আহমেদ কংগ্রেছ দলৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল৷ কংগ্রেছৰ সংখ্যালঘু নেত– বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ এতিয়া পুনৰ এ আই ইউ ডি এফলৈ বিধায়কগৰাকীয়ে উভতি যাব বিচৰা ঘটনাহ ৰাজনৈতিক মহলত বিশেষ চর্চা লাভ কৰিছে৷