নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ নৱেম্বৰত স্বাক্ষৰ হ’ব বুজাবুজি চুক্তি

ফিল্ম ফেয়াৰ বঁটা

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ দেশৰ চলচ্চিত্ৰ জগতৰ অভিজাত ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অহা ২৫ নৱেম্বৰ টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু ৰাজ্য় চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ’ব। তাজ ভিভাণ্টা হোটেলত দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অহা ১৫ ফ্ৰেব্ৰুৱাৰীত ফিল্ম বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও বৰুৱাই প্ৰকাশ কৰিব। মেগাষ্টাৰ অমিতাভ বচ্চন, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি আলিয়া ভাট-অনুষ্কা শৰ্মা পৰ্যন্ত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণৰ সম্ভাৱনা আছে। ৰাজ্যৰ পৰ্যটন খণ্ডক এক নতুন গতি দিয়াৰ লক্ষ্যৰে ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ নিগমে আগ্ৰহ প্ৰকাশ কৰিছিল। ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’ব। অৱশ্যে চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে ফিল্ম ফেয়াৰ অনুষ্ঠানৰ সবিশেষ সদৰী কৰা হ’ব বুলি জয়ন্ত মল্ল বৰুৱাই সদৰী কৰিছে। বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈন উপস্থিত থাকিব।

You might also like