২৮ নৱেম্বৰৰ পৰা মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই ৯ জিলাত
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: যোৱা বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ আনুষ্ঠানিক কার্যব্যৱস্থা অহা ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷
কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এখন সংবাদ মেলযোগে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো চৰকাৰে দুটা কেটেগৰীত বিভক্ত কৰিছে৷ বেংকৰ সৈতে নিয়মিত লেনদেন অব্যাহত ৰখা আৰু লেনদেন অব্যাহত ৰাখিব নোৱাৰা৷ যিসকলে মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈ কিস্তিৰ ধন ওভতাই দিব পৰা নাই, তেওঁলোকক ঋণ ৰেহাইৰ বাবে আবেদন কৰিবলৈ চৰকাৰে অচিৰেই প’র্টেল এটা মুকলি কৰি দিব৷ ইয়াৰ বিপৰীতে মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা ৰাজ্যখনত ১১ লাখ মহিলাই এতিয়াও নিয়মিত ৰূপত বেংকৰ সৈতে লেনদেন অব্যাহত ৰাখিছে৷ সেইসকল মহিলাক চৰকাৰে সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত চেক প্রদান কৰিব৷ অহা ২৮, ২৯ আৰু ৩০ নৱেম্বৰত ৰাজ্যৰ ৯খন জিলা শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, মাজুলী, পশ্চিম কার্বি আংলং, ডিমা হাছাও, দক্ষিণ শালমাৰা, চৰাইদেউ আৰু যোৰহাট জিলাত মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলক চেক প্রদান কৰিব৷ ব্লক পর্যায়ত সেই চেক প্রদান কৰা হ’ব৷ জিলা উপায়ুক্তসকলে ইয়াৰ ব্যৱস্থা কৰিব৷
মন্ত্রী মহন্তই কয় যে প্রতিমাহে ৮–৯খন জিলাত এনেদৰে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ’ব৷ অহা ডিচেম্বৰ মাহতো ৮–৯খন জিলাত সেই কার্যসূচী গ্রহণ কৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ ফলত এই কেটেগৰীত পৰা ১১ লাখ মহিলা উপকৃত হ’ব৷
ইপিনে, আজিৰ কেবিনেটত প্রব্রজনকাৰী শ্রমিক, যিসকলৰ হাতত ইয়াৰ ৰেচন কার্ড নাই, তেওঁলোকৰ বাবে চৰকাৰে খাদ্য সুৰক্ষা আঁচনি এখন গ্রহণ কৰিছে৷ এই আঁচনিৰ অধীনত এতিয়াৰে পৰা প্রব্রজনকাৰী শ্রমিকসকলে চাউল, দাইল আদি ৰেচন লাভ কৰিব৷ ইয়াৰ বাবে প্রব্রজনকাৰী শ্রমিকসকলে আবেদন কৰিব লাগিব আৰু আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে গাইড লাইন প্রস্তুত কৰিব৷ সেইদৰে কেবিনেটে চাহ শ্রমিকৰ বাবে মেডিকেলত নামভর্তিৰ বাবে পূর্বৰ আসনৰ সংখ্যা ১৮খনৰ পৰা ২৪খনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰে ১৮খন আসন ব্রহ্মপুত্র উপত্যকাৰ চাহ শ্রমিকৰ বাবে আৰু ৬খন আসন বৰাক উপত্যকাৰ চাহ শ্রমিকৰ বাবে সংৰক্ষিত থাকিব৷ তদুপৰি জনগোষ্ঠীটোৰ জলাহ সম্প্রদায়ৰ যিসকল লোক এতিয়াও চাহ বাগিচাত শ্রমিক হিচাপে নিয়োজিত হৈ আছে বা চাহ শ্রমিকৰ লাইনত বসবাস কৰে আৰু তেওঁলোকৰ ইয়াৰ ভোটাৰ তালিকাত নাম আছে, সেইসকল লোকেও মেডিকেলত নামভর্তিৰ ক্ষেত্রত সেই সংৰক্ষণৰ আওতাত থাকিব৷ একেদৰে অসম ইঞ্জিনীয়াৰিং সেৱা নিয়োগ ব’ৰ্ডৰ অধ্যক্ষৰ কার্যকাল কেবিনেটে ৬ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ পূর্বতে ব’ৰ্ডৰ অধ্যক্ষগৰাকীৰ কার্যকাল ৬৫ বছৰ বয়স হোৱাৰ লগে লগে সমাপ্ত হৈছিল৷ এতিয়াৰে পৰা অধ্যক্ষগৰাকীৰ বয়সৰ সীমা ৭০ বছৰ বয়সলৈ নির্ধাৰণ কৰা হৈছে৷ অৱশ্যে অধ্যক্ষগৰাকীৰ বয়স ৭০ বছৰ সম্পূর্ণ বা কার্যকাল ৬ বছৰ, যিটো আগতে আহে, সেই অনুসৰি তেওঁ কার্যনির্বাহ কৰিব পাৰিব৷ আনহাতে, স্বাস্থ্যসেৱা সঞ্চালক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকক পূর্বতে অসম লোকসেৱা আয়োগে বাছনি কৰিছিল৷
কেবিনেটে অসম লোকসেৱা আয়োগৰ পৰিৱর্তে ৰাজ্যৰ মুখ্য সচিবক মুৰব্বী হিচাপে লৈ স্বাস্থ্যসেৱা সঞ্চালক আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক বাছনিৰ বাবে এখন কমিটী গঠন কৰি দিয়ে৷ উক্ত কমিটীত স্বাস্থ্যসেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আটাইতকৈ জ্যেষ্ঠ সচিব, পার্ছনেল, বিত্ত বিভাগৰ সচিব থাকিব৷ উক্ত কমিটীয়ে পৰৱর্তী স্বাস্থ্যসেৱা সঞ্চালক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক বাছনি কৰিব৷
ইপিনে, কেবিনেটে ৰাজহ সম্পর্কতো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি ৰাজহমন্ত্রী যোগেন মহনে কয় যে বিজেপি মিত্রজোঁটৰ চৰকাৰখনে পূর্বৰ কার্যকালত অসমত দুই লাখ খিলঞ্জীয়া পৰিয়ালক মাটিৰ আবণ্টন দিছে৷ এতিয়া সেইসকল লোকক চৰকাৰে মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আইন অনুসৰি ভূমি আবণ্টনৰ তিনি বছৰ পাছতহে পট্টাৰ বাবে আবেদন কৰাৰ ব্যৱস্থা আছে৷
কেবিনেটে এতিয়াৰে পৰা ভূমি আবণ্টন পোৱাৰ পিছদিনাৰ পৰাই পট্টাৰ বাবে খিলঞ্জীয়া লোকে আবেদন কৰাৰ সুবিধা দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ মিছন বসুন্ধৰাৰ অধীনত সেইসকল লোকে কাইলৈৰ পৰাই পট্টাৰ বাবে আবেদন কৰাৰ সুযোগ লাভ কৰিব৷ ৰাইজে অনলাইনযোগেও আবেদন কৰিব আৰু যিসকলে অনলাইনত আবেদন কৰিব নোৱাৰে, তেওঁলোকে লিখিতভাৱে অফলাইনত আবেদন কৰিব পাৰিব৷ ভূমি সংক্রান্তীয় দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে মিছন বসুন্ধৰা আঁচনি আৰম্ভ কৰাৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে এতিয়ালৈ প’র্টেলযোগে ১ লাখ ৬৮২জন লোকে আবেদন কৰিছে৷ অহা ১০ মে’ৰ ভিতৰত তেওঁলোকৰ সমস্যাসমূহ চৰকাৰে সমাধান কৰি দিব৷ এতিয়ালৈ চৰকাৰে ৰাজহ চক্র ভিত্তিত ৰাজ্যখনত ২০০ ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে৷ সেইদৰে কেবিনেটে আন এক গুৰুত্বপূর্ণ সিদ্ধান্তৰ জৰিয়তে ট্রাইবেল বেল্ট আৰু ব্লকৰ মাটি বিক্রীৰ অনুমতিৰ বাবে জিলা উপায়ুক্তৰ ওচৰত আবেদন কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷ পূর্বতে ট্রাইবেল বেল্ট আৰু ব্লকৰ মাটি বিক্রীৰ বাবে চৰকাৰৰ ওচৰত অনুমতি বিচাৰি আবেদন কৰিব লাগিছিল৷ এতিয়াৰে পৰা সেই কর্তৃত্ব জিলা উপায়ুক্তক অর্পণ কৰা হয় আৰু উপায়ুক্তই সকলো চালি–জাৰি চাই বিক্রীৰ অনুমতি প্রদান কৰিব পাৰিব৷