নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ হাজাৰ শিল্পীলৈ ৫০ হাজাৰকৈ এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ দিশলৈ বৰঙণি আগবঢ়াই অহা শিল্পী, কলা–কুশলীসকলক উৎসাহিত কৰি সৃষ্টিশীল কর্মৰাজিত আত্মনিয়োগ কৰাৰ দিশত অধিক অনুপ্রেৰণা যোগাবলৈ ৰাজ্য চৰকাৰে ২ হাজাৰ শিল্পী, কলা–কুশলীলৈ এককালীন আর্থিক অনুদান আগবঢ়াব ৷

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই কয় যে মুখ্যমন্ত্রীৰ নির্দেশক্রমে সাংস্কৃতিক পৰিক্রমা বিভাগে অসমৰ শিল্পী, কলা–কুশলীসকলৰ প্রত্যেকলৈ নগদ ৫০ হাজাৰ টকাৰ আর্থিক অনুদান শীঘ্রেই আগবঢ়াব ৷


ৰাজ্য চৰকাৰে শিল্পী সম্বর্ধনা আৰু ভ্রাম্যমাণ থিয়েটাৰৰ শিল্পী আৰু কলা–কুশলী আঁচনিৰ অধীনত এই আর্থিক অনুদান আগবঢ়োৱাৰ পদক্ষেপ লৈছে ৷ এই দুখন আঁচনিৰ প্রতিখনৰ অধীনত এক হাজাৰকৈ অর্থাৎ সর্বমুঠ ২ হাজাৰ শিল্পী তথা কলা–কুশলীৰ প্রত্যেকলৈ ৫০ হাজাৰ টকাৰ এককালীন অনুদান আগবঢ়োৱা হ’ব ৷

‘শিল্পী সম্বর্ধনা আঁচনি’ৰ অধীনত অসমৰ লোক–সংস্কৃতি নাগাৰা নাম, ওজাপালি আৰু বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিৰ সৈতে জড়িত শিল্পীসকলক এই অনুদানে সাঙুৰি ল’ব ৷

ৰাজ্যখনৰ সাংস্কৃতিক জগতলৈ ভ্রাম্যমাণ থিয়েটাৰে আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্রথমবাৰৰ বাবে ভ্রাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা–কুশলীসকলকো আঁচনিখনৰ জৰিয়তে আর্থিক অনুদান আগবঢ়োৱাৰ পদক্ষেপ লৈছে, যাতে এই শিল্পী আৰু কুলা–কুশলীসকলে সৃষ্টিশীল কর্মৰাজিৰে আমাৰ সাংস্কৃতিক জগতখনক অনাগত দিনত চহকী কৰি যাব পাৰে ৷

You might also like