৩০ দিনত মেৰামতি নকৰিলে গণতান্ত্রিক আন্দোলনৰ হুংকাৰ ৰাইজৰ
নিয়মীয়া বাৰ্তা ১৭ ফেব্রুৱাৰীঃ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ৰাজ্যখনৰ বাট–পথৰ উন্নয়ন সাধন কৰা বুলি ঢ়াক–ঢ়োল বজাই আছে যদিও বর্তমানেও বিকশিত অসমত বাট–পথৰ উন্নয়ন সাধন হোৱা নাই৷ নির্লিপ্ত বিধায়ক হিচাপে আখ্যা পোৱা বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ বৰছলা সমষ্টিৰ এটা পথ বিধায়কগৰাকীৰ একান্ত নীৰৱতাৰ বাবে পৰিকল্পনাহীনভাৱে কাম কৰা বাবে বর্তমানলৈ নির্মাণ নোহোৱাত ভুক্তভোগী ৰাইজে যাতায়াতৰ ক্ষেত্রত দুর্ভোগৰ সন্মুখীন হোৱাত তীব্র ক্ষোভ উজাৰিছে বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ৰাজ্য চৰকাৰৰ প্রতি৷ উক্ত ব্যস্ত গডকাপ্ঢানী পথৰ বিধ্বস্ত অৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ ৰাইজৰ লগতে ছাত্র–ছাত্রীসকলে৷ বিধ্বস্ত হৈ পৰা বৰছলা সমষ্টিৰ ঢ়েকীয়াজুলি–ধীৰাইমাজ্ সংযোগী পথ নির্মাণৰ দাবীত সৰৱ হৈ পৰিছে সমষ্টিটোৰ ভুক্তভোগী ৰাইজ৷ এজাক বৰষুণ আহিলেই পথৰ ওপৰত একাঁঠু পানী জমা হৈ যাতায়াতৰ বাবে সম্পূর্ণ অনুপযোগী হৈ পৰে ঢ়েকীয়াজুলি–ধীৰাইমাজ্ সংযোগী পথটো৷ শীঘ্রেই পৰিৱর্তনকামী চৰকাৰক বিধ্বস্ত হৈ পৰা গডকাপ্ঢানী পথটো নির্মাণৰ দাবী জনালে ভুক্তভোগী ৰাইজে৷ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত ঢ়েকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধীৰাইমাজুলীলৈ যোৱা পথ নির্মাণৰ দাবীত সৰৱ হৈ স্থানীয় ভুক্তভোগী ৰাইজে চৰকাৰক তীব্র সমালোচনা কৰে৷ আজি সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ৰাইজে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰি চৰকাৰৰ বিৰুদ্ধে বিষোদ্গাৰ প্রকাশ কৰে৷ ভুক্তভোগী ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে বর্তমানৰ মিত্রজোঁটৰ চৰকাৰৰ কথা আৰু কামৰ মাজত নামমাত্রও মিল নাই৷ যি সময়ত চৰকাৰখনে প্রতিটো বাট–পথ নির্মাণ কৰা হৈছে বুলি ঢ়াক–ঢ়োল বজাই ফুৰিছে, তেনে সময়তে বৰছলা সমষ্টিৰ ঢ়েকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধীৰাইমাজুলীলৈ যোৱা অতিকৈ গুৰুত্বপূর্ণ পথছোৱা আজিলৈকে নির্মাণৰ ব্যৱস্থা নকৰা কার্যই চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাইছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ উল্লেখ্য যে বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত ঢ়েকীয়াজুলিৰ পৰা ধীৰাইমাজুলীলৈ যোৱা পথটোৰে কেইবাখনো বিদ্যালয়ৰ হাজাৰ হাজাৰ স্কুলীয়া ছাত্র–ছাত্রীৰ লগতে উক্ত এলেকাৰ কেইবাখনো গাঁৱৰ লোকে অহা–যোৱা কৰে যদিও বহু দিনৰ পৰাই মেৰামতিৰ অভাৱত জহি–খহি যোৱা উক্ত পথছোৱা নির্মাণৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই জনপ্রতিনিধিয়ে৷ এজাক বৰষুণ আহিলেই যাতায়াতৰ বাবে সম্পূর্ণ অনুপযোগী হৈ পৰে পথছোৱা৷ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু বৰছলা সমষ্টিৰ স্থানীয় বিধায়ক গণেশ লিম্বুক কেইবাবাৰো ৰাইজৰ তৰফৰ পৰা দাবী জনোৱাৰ পিছতো সাংসদ তথা নির্লিপ্ত বিধায়কে আজিলৈকে পথছোৱা নির্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুর্ভাগ্যজনক বুলি মন্তব্য কৰে স্থানীয় যুৱক তথা কৃষক–শ্রমিক সুৰক্ষা সংগ্রাম সমিতিৰ মুখ্য আহ্বায়ক প্রশান্ত বৈশ্যই৷ স্থানীয় নেতাগৰাকীৰ লগতে ভুক্তভোগী ৰাইজে আজি সংবাদ মাধ্যমৰ আগত নির্লিপ্ত বিধায়ক গণেশ কুমাৰ লিম্বুৰ প্রতি বিক্ষোভ প্রদর্শন কৰি অনাগত ৩০ দিনৰ ভিতৰত বিধ্বস্ত হৈ পৰা গডকাপ্ঢানী পথছোৱা নির্মাণ নকৰিলে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷ পৰৱর্তী সময়ত উন্নয়নৰ দিশত নীৰৱ ভূমিকা পালন কৰা বিধায়ক লিম্বুৱে ৰাইজৰ গুৰুত্বপূর্ণ সমস্যা সমাধানৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷