কঠোৰতম সিদ্ধান্তইহে অসমক ৰক্ষা কৰিব পাৰিবঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
কাইলৈ বিয়লি ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
ক’ৰণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰৰ কঠোৰ পদক্ষেপ
মঙলবাৰে বিয়লি ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ অসমত লক ডাউন
- এতিয়ালৈ অসমৰ COVID-19ৰ প’জিটিভ নাই
- আজি বিয়লি ৪ বজালৈ ১৬৯টা পৰীক্ষা সম্পন্ন
- ১৪৮টা পৰীক্ষা নিগেটিভ, ২১টা পৰীক্ষাৰ ফলাফল এতিয়াও বাকী
- ক’ৰণা অতি বিপদজ্জনক সংক্ৰমণ এয়া ফূৰ্তি কৰাৰ সময় নহয়
- খোলা থাকিব অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান
- খোলা থাকিব ফাৰ্মাচী, গেলা-মালৰ দোকান আৰু পে’ট্ৰল পাম্প
- লেনদেনৰ বাবে খোলা থাকিব ট্ৰেজাৰী, বেংক আৰু চৰকাৰী কাৰ্যালয়ৰ একাউণ্ট বিভাগ, খোলা থাকিব ATM
- বন্ধ থাকিব মাছ-মাংস, শাক-পাচলি দোকান
- নামঘৰ-মন্দিৰ-মছজিদত ৩জনকৈ অধিক লোক থাকিব নোৱাৰিব
- ব্যক্তিগত বাহনৰ লগতে আন্তঃৰাজ্যিক পৰিবহন বন্ধ
- সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব
- এই সময়ছোৱাত বিনাকাৰণত ৰাজপথলৈ ওলাই আহিব নোৱাৰিব কোনো লোক
- এই নিয়ম উলংঘা কৰিলে ছমাহৰ পৰা ২ বছৰ পৰ্যন্ত জে’ল
- ৰে’ল সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব
- ১ এপ্ৰিলৰ পৰা ৰেচন কাৰ্ডযোগে পাব বিনামূলীয়া চাউল
- বৰপেটা মেডিকেল কলেজতো আৰম্ভ হ’ব পৰীক্ষাকেন্দ্ৰ
- বহিঃৰাজ্যৰ পৰা অহা লোকসসকলে নিজকে ১৪ দিনৰ বাবে গৃহবন্দী কৰি ৰাখক
- প্ৰয়োজনত MMC আৰু সোণাপুৰ চিভিল হ’ব ক’ৰণা হাস্পতাল
- GMCHৰ চকু চিকিৎসা বিভাগ বন্ধ কৰিছে চৰকাৰে
- এই সন্দৰ্ভত নেত্ৰলয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা হৈছে বুলি মন্তব্য