৩১ মে’ৰ পাছত আৰম্ভ হ’ব HS ২য় বৰ্ষৰ পাঠদান
নিয়মীয়া বাৰ্তা, ৭ মেঃ ২৬ মে’ৰ পৰা ২৮ মে’লৈ HS ২য় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি স্কুল আৰু কলেজৰ পৰা সংগ্ৰহ কৰিব পাৰিব নিজৰ কিতাপ। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে দীক্ষা এপৰ যোগেদি অসমৰ বহু শিক্ষাৰ্থী উপকৃত হৈছে। বৰ্তমানলৈ ১লাখ ৪২হাজাৰ ৩৩০গৰাকী শিক্ষাৰ্থীয়ে এই এপ ডাউনলোড কৰিছে। লগতে অসম চৰকাৰৰ বিশ্ববিদ্যা অসম নামৰ ইউটিউব চেনেলৰ যোগেদিও শিক্ষা প্ৰদান কৰি আহিছো। প্ৰায় ৪০ হাজাৰ শিক্ষাৰ্থীয়ে এই ইউটিউব চেনেলৰ যোগেদি উপকৃত হৈছে।
৩১ মে’ৰ পিছলৈ ক’ৰোনাৰ সংক্ৰমণ এনে অৱস্থাত থাকিলে লক ডাউন অব্যাহত থাকিলেও আৰম্ভ হ’ব HS ২য় বৰ্ষৰ পাঠদান। বিজ্ঞান শাখাৰ যিহেতু ছাত্ৰ-ছাত্ৰী কম থাকে গতিকে এটা কোঠাত ২০জনতকৈ যাতে অধিক ছাত্ৰ-ছাত্ৰী নাথাকে সেই বিষয়ে অধ্যাপকসকলক মন কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী ড০ শৰ্মাই।
গাঁৱৰ শিক্ষকসকলে গাঁৱৰ চোতালতে ৫জন ছাত্ৰ-ছাত্ৰীকলৈ শিক্ষা প্ৰদান কৰাক লৈ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে শিক্ষা বিভাগে। এই বিষয়ে সিদ্ধান্ত লোৱাৰ পিছতেই অৱগত কৰা হ’ব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই