নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মে’ৰ পিছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত লোৱা হ’ব সিদ্ধান্তঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ আজি ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। অসমৰ অৰ্থনীতিৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত। লগতে ৰাজ্য চৰকাৰে অৰ্থনীতি সবল কৰি তুলিবলৈ কি কি কাৰ্যপন্থা ল’ লে অতি সোনকালে এটা সুস্থ অৰ্থব্যৱস্থা গঢ় লৈ উঠিব এই সন্দৰ্ভত অৰ্থনীতিবিদসকলৰ মতামত গ্ৰহণ কৰা হয়।

এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে আমি সোনকালেই পূৰ্বৰ অৰ্থব্যৱস্থা ঘূৰাই আনিব পাৰিম। দ্বিতীয় পৰ্যায়ৰ লক ডাউন শেষ হোৱাৰ পাছত অসমৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান গ্ৰীন জ’ন আৰু অৰেঞ্জ জ’নত বজাৰৰ বাহিৰে দোকান-পোহাৰ খুলিছে কিন্তু ৰেড জ’নত পূৰ্বৰ দৰেই লক ডাউন অব্যাহত আছে। গতিকে কেন্দ্ৰৰ সিদ্ধান্তই আমি মানি চলিম।

৩ মে’ৰ পিছত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত বাকী দুটা জ’নত ব্যৱসায়-বাণিজ্য সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে। 

You might also like