নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জিলাৰ ভূ-গৰ্ভত লোৰ আকৰৰ বিশাল ভাণ্ডাৰ; শীঘ্ৰে নিলাম-আহৰণ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: অসমৰ অর্থনীতিলৈ আশাৰ বতৰা৷ দীর্ঘ পৰীক্ষা–নিৰীক্ষা আৰু গৱেষণাৰ অন্তত পাঁচখন জিলাৰ ভূ–গর্ভত সঞ্চিত থকা খনিজ সম্পদৰ বিশাল ভাণ্ডাৰ শীঘ্রে উদ্ঘাটন হ’ব৷ ভূ–তত্ত্ব আৰু খনিজ সম্পদ সঞ্চালকালয়ে ইতিপূর্বে অন্বেষণ সম্পন্ন কৰাৰ পাছত শেহতীয়াকৈ ভূ–গর্ভত সঞ্চিত এই সম্পদৰাশি উদ্ঘাটনৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ তথ্য অনুসৰি উদ্ঘাটন কৰিবলগীয়া খনিজ সম্পদৰাশি মূলতঃ লোৰ আকৰ (আইৰন অ’ৰ)৷ পাঁচ জিলাৰ ভিতৰত ধুবুৰী আৰু গোৱালপাৰাতেই পোৱা গৈছে ১৮.৮৯ মিলিয়ন টন লোৰ আকৰ৷ ইয়াৰ ভিতৰত ধুবুৰী জিলাৰ শালকোছা পৰিৱেশন ভৱনৰ পৰা ৩১নং ৰাষ্ট্রীয় ঘাইপথ অতিক্রমি দুই কিলোমিটাৰ দূৰৈৰ তথা ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ চান্দৰডিঙাত অভিলেখ সংখ্যক মূল্যৱান ১০ মিলিয়ন টন লোৰ আকৰৰ সন্ধান পোৱা গৈছে৷

সেইদৰে গোৱালপাৰা জিলাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ আগিয়াৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ লেংগুপাৰাত ৭.২৫ মিলিয়ন টন আৰু পঞ্চৰত্নৰ পশ্চিম দিশে ৬ কিলোমিটাৰ অতিক্রমি কুমৰিত ১.৬৪ মিলিয়ন টন অনুৰূপ ধৰণৰ খনিজ সম্পদৰ অন্বেষণ কৰিবলৈ সক্ষম হৈছে ভূ–তত্ত্ব আৰু খনিজ সম্পদ সঞ্চালকালয়ে৷ সঞ্চালকালয়ৰ এক শীর্ষস্থানীয় সূত্রই সদৰী কৰা অনুসৰি প্রধানতঃ লোৰ আকৰ হিচাপে চিহ্ণিত এই সম্পদৰাশিৰ ভিতৰত আছে আইৰন অক্সাইড Fe2O3), ফছফৰাছ পেণ্টোক্সাইড P2O5), ছিলিকন ডাই অক্সাইড S1O2) এলুমিনিয়াম অক্সাইড Al2O3), অক্সো কেলছিয়াম CaO), মেগনেছিয়াম অক্সাইড MgO) আদিৰ দৰে অতি দুর্লভ ধাতু৷ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ তিনি স্থানত অন্বেষিত এই খনিজ সম্পদৰাশি উদ্ঘাটনৰ বাবে ইতিমধ্যে নিলামৰ প্রক্রিয়া আৰম্ভ কৰিছে ভূ–তত্ত্ব আৰু খনিজ সম্পদ সঞ্চালকালয়ে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি নিলামৰ জৰিয়তে ৫০ বছৰৰ বাবে এই সম্পদৰাশি উদ্ঘাটনৰ দায়িত্ব সংশ্লিষ্ট প্রতিষ্ঠানক অর্পণ কৰা হ’ব৷ সম্প্রতি এনেধৰণৰ খনিজ সম্পদৰ এক টনৰ বিপৰীতে ১,৪০০ টকা ৰাজহ সংগ্রহৰ লক্ষ্য নির্ধাৰণ কৰিছে ভূ–তত্ত্ব আৰু খনিজ সম্পদ সঞ্চালকালয়ে৷ সেই হিচাপত যদি ১৮ মিলিয়ন টন লোৰ আকৰ দুয়োখন জিলাৰ ভূ–গর্ভৰ পৰা আহৰণ কৰিবলৈ সক্ষম হয় তেন্তে ৰাজ্য চৰকাৰে কমেও ২,৫২০ কোটি টকা ৰাজহ সংগ্রহ কৰিব পাৰিব৷ অর্থাৎ প্রতি বছৰে প্রায় ৫০ কোটি টকাকৈ ৰাজ্য চৰকাৰে কেৱল ধুবুৰী আৰু গোৱালপাৰা জিলাৰ পৰাই লাভ কৰিব৷ এই সম্পদৰাশি আহৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্রালয়ে নিবিদা প্রক্রিয়া আৰম্ভ কৰিব আৰু এই সন্দর্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রস্তাৱ প্রেৰণ কৰা হৈছে বুলি সূত্রটোত প্রকাশ পাইছে৷

ইফালে, একে সময়তে ভূ–তত্ত্ব আৰু খনিজ সম্পদ সঞ্চালকালয়ে নগাঁও, বাক্সা আৰু কার্বি আংলং জিলাক লৈও এক বিশেষ তৎপৰতা আৰম্ভ কৰিছে৷ তথ্য অনুসৰি নগাঁও জিলাৰ জীয়াজুৰিত ‘গ্লাছ ছেণ্ড’, বাক্সাৰ সুৱনখাতা–ভূটানখুঁ আৰু কার্বি আংলঙৰ চিপিলাংছ’তো ভূ–তত্ত্ব আৰু খনিজ সম্পদ বিভাগে লাভ কৰিছে বৃহৎ সম্পদৰাশিৰ সন্ধান৷ এই সম্পদৰাশি আহৰণৰ বাবেও নিলাম প্রক্রিয়া আৰম্ভ হ’ব৷ সূত্রটোৱে সদৰী কৰা অনুসৰি জীয়াজুৰি ‘গ্লাছ ছেণ্ড’ৰ বিপৰীতে ৬০০ কোটি ৰাজহ সংগ্রহৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ এই সম্পদৰাশিত আছেSiO2,Al2O3,Fe2O3 আৰুTiO2 ৰ দৰে মূল্যৱান ৰাসায়নিক পদার্থ৷ জীয়াজুৰিৰ নিলাম প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত সংশ্লিষ্ট প্রতিষ্ঠানক ৭ বছৰৰ বাবে এই সম্পদৰাশি আহৰণৰ দায়িত্ব অর্পণ কৰা হ’ব৷ বাক্সাৰ সুৱনখাতা–ভূটানখুঁ আছে মূল্যৱানSiO2,Al2O3,Fe2O3,CaO আৰুMgOৰ দৰে ৰাসায়নিক মিশ্রণ৷ একেদৰে কার্বি আংলঙৰ চিপিলাংছ’ৰ ভূ–গর্ভত গৃহীত থকা ৰাসায়নিক পদার্থসমূহ হ’ল– Al2O3,Fe2O3,CaO NaO2 SiO2 CaO2,K2O,L.O.I আৰুMgO৷ নিলাম প্রক্রিয়া সম্পন্ন হ’লে কার্বি আংলং আৰু নগাঁৱৰ খনিজ সম্পদৰ ক্ষেত্র ১৫ বছৰৰ কাৰণে সংশ্লিষ্ট প্রতিষ্ঠানক দিয়া হ’ব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

You might also like