৬নং দফা ৰূপায়ণৰ প্রতিবেদন ৰাজহুৱা কৰাৰ দাবী তৰুণ গগৈৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত গঠিত উচ্চ পর্যায়ৰ কমিটীয়ে দাখিল কৰা প্রতিবেদনখন ৰাজহুৱা কৰাৰ দাবী জনাইছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷
দিছপুৰত আয়োজিত এখন সংবাদ মেলত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কয় যে প্রতিবেদনখন গোপন কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ কাৰণ সেই প্রতিবেদনত ৰাষ্ট্রীয় সুৰক্ষাৰ প্রতিও কোনো ভাবুকি নাই৷ সেয়ে চৰকাৰে অচিৰেই প্রতিবেদনখন ৰাজহুৱা কৰিব লাগে৷ প্রতিবেদনখনখন কেন্দ্রীয় গৃহমন্ত্রীয়ে গ্রহণ কৰাৰ ক্ষেত্রত পিঠি দিয়া কার্যৰ কঠোৰ সমালোচনা কৰি গগৈয়ে কয় যে আচলতে ইয়াৰ দ্বাৰা কেন্দ্রীয় চৰকাৰে কেৱল সেই কমিটীকে অৱজ্ঞা কৰা নহয়, অসমবাসীকেই অৱজ্ঞা কৰিছে৷
পূর্বতে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রীয়ে যিদৰে প্রতিবেদনখন ডাঢ়ি–কমা বাদ নপৰাকৈ ৰূপায়ণ কৰাৰ কথা কৈছিল, এতিয়া সেই প্রতিশ্রুতি পালন কৰাটো আমি বিচাৰোঁ৷
আনহাতে, ‘কা’বিৰোধী আন্দোলনক কেন্দ্র কৰি ৰাজধানী দিল্লীত হোৱা অগ্ণিগর্ভ পৰিস্থিতি সম্পর্কত কেন্দ্রীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে কয় যে ব্যর্থতাৰ দায়িত্ব স্বীকাৰ কৰি তৎকালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পদত্যাগ কৰিব লাগে৷