নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ এপ্রিলত অসমলৈ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত থাকিব উপস্থিত

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দুদিনীয়া ভ্রমণসূচীৰে অহা ৬ এপ্রিলত অসমলৈ আহিবলগীয়া ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত অংশ ল’ব৷ প্রাপ্ত তথ্য অনুসৰি, অহা ৭ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত তেওঁ উপস্থিত থাকিব৷ এই অনুষ্ঠানতে ৰাষ্ট্রপতিগৰাকীয়ে মহিলাৰ সুৰক্ষাৰ বাবে ‘ভৰসা’ নামৰ এটা ম’বাইল এপ মুকলি কৰিব৷ মহাৰজত জয়ন্তীৰ এই অনুষ্ঠানত ৰাষ্ট্রপতিগৰাকীৰ উপৰি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ কাটাৰিয়া, কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজু, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকিব৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সপ্তাহজোৰা কার্যসূচী ১ এপ্রিলৰ পৰা আৰম্ভ হৈছে৷ কালি বাইচাইকেল ৰেলীৰে আৰম্ভ হোৱা এই সপ্তাহজোৰা কার্যসূচীৰ অংশ হিচাপে জজ ফিল্ডত মুখ্যমন্ত্রী একাদশ আৰু মুখ্য ন্যায়াধীশ একাদশৰ মাজত এখন প্রীতি ক্রিকেট মেচ অনুষ্ঠিত হয়৷ অহা ৫ এপ্রিলত কিৰেণ ৰিজিজুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা স্মাৰক ষ্টাম্প মুকলি কৰিব৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ‘গুৱাহাটী উচ্চ ন্যায়ালয় ঃ ইতিহাস আৰু ঐতিহ্য’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰিব৷ ৬ এপ্রিলত হ’বলগীয়া অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উপস্থিত থাকি ৰাভা, তিৱা, জেমি নগা, বড়ো, নিচি আৰু হালাম ভাষাত পৰম্পৰাগত আইন সন্দর্ভত ৬খন গ্রন্থ উন্মোচন কৰিব৷ দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ এক বত্তৃণতানুষ্ঠানেৰে অহা ৮ এপ্রিলত মহাৰজত জয়ন্তীৰ কার্যসূচীৰ সামৰণি পৰিব৷ উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰ সময়তে ৰাষ্ট্রপতিগৰাকীয়ে ৬ এপ্রিলত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত অনুষ্ঠিত হ’বলগীয়া হস্তী মহোৎসৱ–২০২৩ত ভাগ ল’ব৷

You might also like