নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ টকাত ১ কিলোগ্ৰাম মাংসঃ ৰৈ থকাৰ কি প্ৰয়োজন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৮০ টকা দিলেই এতিয়া আপুনি লাভ কৰিব এক কিলো মাংস । কালিলৈকে আপুনি যদি ২০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত ক্ৰয় কৰিছিল এক কিলো মাংস তেন্তে এতিয়া আৰু চিন্তা নাই । এতিয়া প্ৰতি কিলো ব্ৰইলাৰ মাংস আপুনি লাভ কৰিব মাত্ৰ ৮০ টকাত । অৱশ্যে এই সুবিধা গোৱালপাৰা আৰু লাহৰীঘাটৰ বজাৰতহে লাভ কৰিব । অচিৰেই সমগ্ৰ অসমতে ব্ৰইলাৰৰ দাম ৮০ টকালৈ নামিব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে বিক্ৰেতা সকলে ।

কিয় ব্ৰইলাৰৰ দাম এনেদৰে নিম্নগামী হ’ল সেইয়া নিশ্চয় আপুনি ভাবিছে । বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰি থকাৰ মাজতে অসমতো দেখা গৈছে এই মাৰাত্মক ভাইৰাছৰ প্ৰতি শংকা । একাংশ লোকে ব্ৰইলাৰৰ পৰা এই মাৰাত্মক ভাইৰাছৰ উৎপত্তি হোৱা বুলি উৰাবাতৰি উলিওৱাৰ পাচতেই এতিয়া অত্যন্ত নিম্নগামী হৈছে ব্ৰইলাৰ মাংসৰ দাম । গোৱালপাৰা আৰু লাহৰীঘাটত কটা মাংসৰ দাম ৮০ টকা হোৱাৰ বিপৰীতে গোটা ব্ৰইলাৰৰ দাম ৪০ ৰ পৰা ৬০ টকা ।

উল্লেখ্য যে, ব্ৰইলাৰ মাংসৰ দাম এনে হাৰত হ্ৰাস পোৱাৰ বাবে এতিয়া একাংশ লোকে ইয়াৰ সুফল বাৰুকৈয়ে ভোগ কৰিছে । বেছিসংখ্যক লোকে আমিষ খাদ্য খাবলৈ শংকা কৰাৰ বিপৰীতে একাংশই দৈনিক খাদ্যৰ লগত পৰিৱেশন কৰি আছে মাছ আৰু মাংস । অচিৰেই ব্ৰইলাৰ মাংসৰ দাম গুৱাহাটীতো নিম্নগামী হোৱাৰ সম্ভাৱনা আছে । মহানগৰীৰ ঠায়ে ঠায়ে অৱশ্যে ২০০ ৰ তললৈ নামিছে প্ৰতি কিলো ব্ৰইলাৰৰ দাম ।

You might also like