নিয়মীয়া বার্তা, ৭ মে’ : লকডাউনৰ সময়ছোৱাত ঘৰতে আবদ্ধ হৈ পৰা একাংশ লোকৰ ন ন চিন্তা–চর্চাই সমাজত ইতিবাচক বার্তা কঢ়িয়াই আনিছে ৷ ক’ভিড–১৯ সংক্রমণ নহ’বলৈ ভাৰত চৰকাৰে গ্রহণ কৰা লকডাউনৰ আহ্বান নগৰ–চহৰতে নহয়, গাঁৱে–ভূঞেও ৰাইজ ঘৰতে আবদ্ধ হৈ আছে ৷ কিন্তু দিন বাগৰাৰ লগে লগে মানুহৰ উপৰি পশুধনৰো ক্রমাৎ খাদ্য সামগ্রীৰ অভাৱ বৃদ্ধি পাবলৈ ধৰে ৷ ইয়াৰ মাজতে পশুধনৰ খাদ্য সামগ্রী প্রস্তুত কৰাৰ পৰিকল্পনা কৰি কৃষি বিশ্ববিদ্যালয়ৰ অভিজ্ঞ ব্যক্তিৰ লগতে গুগলৰ জৰিয়তে খাদ্য প্রস্তুত কৰে ৷ ৰঙাপৰাৰ বিশিষ্ট ক্ষুদ্র চাহ খেতিয়ক প্রণয় বসুমতাৰীয়ে গ্রীন টী, হোৱাইট টী, ব্লেক টী আদি থলুৱাভাৱে ঘৰতে উৎপাদন কৰি সমাদৰ লাভ কৰাৰ উপৰি কছাৰীগাঁওস্থিত বাসগৃহত প্রস্তুত কৰিছে মাছ আৰু পশুৰ খাদ্য ৷
স্থানীয়ভাৱে উপলব্ধ খলিহৈ, কল, গোমধান, ভিটামিন আদি প্রয়োগ কৰি ঘৰতে চাওচাও বনোৱা যন্ত্রৰে প্রস্তুত কৰিছে পশু খাদ্য ৷ এই সন্দর্ভত জানিবলৈ দি প্রণয়ে লকডাউনৰ সময়ছোৱাত পশুৰ লগতে মাছৰ খাদ্যৰ যি অভাৱ হ’ল, তাৰ পিছতে এই চিন্তা আগুৱাই নি সফল হোৱা বুলি প্রকাশ কৰি আৰু কয় যে স্থানীয় পশুপালন কৰাৰ লগতে কুকুৰা পালন কৰা লোকসকলৰ বাবে এতিয়াৰে পৰা গাঁৱতে কুকুৰাৰ খাদ্য উপলব্ধ হ’ব আৰু নাটনিৰ জোৰা মাৰিব পাৰিব ৷ নিজেও মৎস্য পালন কৰা প্রণয়ে ঘৰুৱা অভাৱ পূৰণ হ’ব বুলি আশাবাদী ৷ সম্প্রতি প্রায় ১২–১৫ কিলোমিটাৰ দূৰৈৰ পৰা এই খাদ্য সংগ্রহ কৰি অহা বুলি কয় ৷ তেওঁ লগতে কয় যে এই ১০০ কেজি পশু খাদ্য প্রস্তুত কৰাৰ বাবে দুদিন ৫জন মানুহৰ শ্রমৰ প্রয়োজন ৷ যোৱা কিছু বছৰৰ পৰা জৈৱিক চাহ উৎপাদন কৰি সমাদৰ লাভ কৰা প্রণয়ে বাডদৈ অর্গেনিক প্রডাকচন নামৰ চাহ খেতি কৰি সম্প্রতি ঘৰতে চিটিচি চাহ ঢেঁকীৰে প্রস্তুত কৰাত লকডাউনৰ সময়ছোৱাত ব্যস্ত ৷ ইফালে লকডাউনৰ বাবে কাম–কাজ বন্ধ হৈ পৰা বাগিচাৰ কেঁচা চাহপাত নিজে ছিঙি থলুৱাভাৱে জৈৱিক চাহ উৎপাদন কৰি আহিছে ৷ জৈৱিক চিটিচি চাহপাত আঠশ টকা দৰত স্থানীয়ভাৱে বিক্রী কৰা বুলি জানিবলৈ দিয়া প্রণয়ে পশুখাদ্যক লৈও যথেষ্ট আশাবাদী আৰু কিছু লোকক ই সকাহ দিব ৷