নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া পৌৰসভাৰ সভাপতিৰ আসনত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ৰঙিয়া পৌৰসভাৰ সভাপতিৰ আসনত অধিস্থিত হ’ল ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ । উল্লেখ্য যে, সভানেত্ৰী সীমা বৈশ্য নেতৃত্বাধীন ৰঙিয়া পৌৰসভাৰ পাঁচবছৰীয়া কাৰ্যকাল যোৱা ৫ এপ্ৰিলত উকলি যায় । পৌৰসভাখনৰ কাৰ্যকালৰ অন্ত পৰাৰ পিছত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ নিৰ্দেশ মৰ্মে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ববাহী অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰক সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয় । সেই মৰ্মে বুধবাৰে সভানেত্ৰী সীমা বৈশ্যৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে । এই কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত সদ্যবিদায়ী সভানেত্ৰী সীমা বৈশ্য, মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকা, কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী, পৌৰ সদস্য প্ৰদীপ কাকতি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে । ইফালে, অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ পৰা অহা বাৰ্তামতে কামৰূপ জিলাৰ পলাশবাৰী আৰু উত্তৰ গুৱাহাটী পৌৰসভা দুখনৰো পাঁচবছৰীয়া কাৰ্য্যকালৰ অন্ত পৰিছে । পৌৰসভা দুখনৰ সভাপতি দুজনক কামৰূপৰ উপায়ুক্তক কাৰ্য্যভাৰ হস্তান্তৰ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে ।

You might also like