নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সোমবাৰৰ পৰা আৰম্ভ কৰিলে ৰেপিড টেষ্ট ৷ ভাৰত চৰকাৰে ইতিমধ্যে এই ৰেপিড টেষ্টৰ বাবে চীনৰ জুহাই প্রদেশৰ লাইফজ’ন ডায়েগনেষ্টিক কোম্পানীৰ পৰা কিট ক্রয় কৰিছে ৷ ইয়াৰে ৯,৬০০ ৰেপিড টেষ্ট কিট অসমলৈ পঠিয়াইছে ৷ সেই কিটেৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত ৰেপিড টেষ্ট আৰম্ভ কৰিছে ৷ গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে ৷ চীনৰ পৰা অহা এই কিটৰ জৰিয়তে এজন লোকৰ শৰীৰত বর্তমান ক’ভিড–১৯ৰ উপস্থিতি আছে নেকি আৰু পূর্বতে তেওঁ ক’ভিড–১৯ত আক্রান্ত হৈছিল নেকি, সেই ফলাফল লাভ কৰিব পৰা যায় বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে এই কিটত আই জি এম আৰু আই জি জি দুটা ব্যৱস্থা আছে ৷ এজন লোকৰ শৰীৰৰ পৰা তেজৰ নমুনা সংগ্রহৰ পাছত দুয়োটা কিটত এক ছ’লিউচন মিহলি কৰি পৰীক্ষা কৰা হয় ৷ ১৫ মিনিটৰ ভিতৰতে এই পৰীক্ষাৰ ফলাফল উপলব্ধ হয় ৷ আই জি এম পৰীক্ষাৰ জৰিয়তে লোকজন বর্তমান ক’ভিড–১৯ত আক্রান্ত নেকি, তাৰ ফলাফল লাভ কৰিব পাৰি ৷ সেইদৰে আই জি জি পৰীক্ষাত পূর্বতে লোকজন ক’ভিড–১৯ত আক্রান্ত হৈছিল নেকি, সেয়া জনাটো সম্ভৱ হয় ৷ পূর্বতে কৰি অহা পৰীক্ষাত বর্তমান লোকজন ক’ভিড–১৯ত আক্রান্ত নেকি, সেয়াহে জানিব পৰা গৈছিল ৷ পূর্বতে কেতিয়াবা ক’ভিড–১৯ত আক্রান্ত হৈছিল নেকি, সেই বিষয়ে জনাৰ কোনো অৱকাশ নাছিল ৷ তদুপৰি পূর্বৰ পৰীক্ষা ব্যৱস্থাত ফলাফলৰ বাবে ৫–৬ ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল ৷ কিন্তু হৃদৰোগ আদিত আক্রান্ত লোকৰ ক্ষেত্রত ইমান দীর্ঘসময় চিকিৎসা অবিহনে ক’ভিড–১৯ৰ ফলাফললৈ অপেক্ষা কৰি থাকিবলগীয়া হোৱাটো যথেষ্ট ৰিস্কৰ ব্যৱস্থা আছিল ৷ ড০ শর্মাই জানিবলৈ দিয়া মতে, কেন্দ্রৰ পৰা লাভ কৰা এই ৰেপিড টেষ্ট কিটৰ ৫০টা স্পেনিছ গার্ডেনত, ২৫টা আঠগাঁও কবৰস্থানত আৰু ২৫০টা লাহৰীঘাটত ৰেণ্ডম টেষ্টৰ বাবে দিয়া হৈছে ৷ বাকী কিটসমূহ প্রতিখন মেডিকেল কলেজ আৰু চিভিল হাস্পতালক দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে কোনো লোকক চিকিৎসকে ক’ভিড–১৯ত আক্রান্ত বুলি সন্দেহ হোৱাৰ লগে লগে মুহূর্তৰ ভিতৰতে এই কিটেৰে পৰীক্ষা কৰিব পাৰে ৷ ভাৰত চৰকাৰৰ পৰা লাভ কৰা সেই কিটৰ উপৰি ৰাজ্য চৰকাৰে সম্পূর্ণ নিজা উদ্যোগত চীনৰ য়াংঝু প্রদেশৰ আন এটা প্রতিষ্ঠানৰ পৰা ৫০ হাজাৰ ৰেপিড টেষ্টিং কিট অনাৰ ব্যৱস্থা কৰিছে ৷ বুধবাৰে সেই কিটসমূহ আহি পোৱাৰ সম্ভাৱনা আছে ৷
তেওঁ আৰু কয় যে ৰেপিড টেষ্টিঙত কোনো লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে স্বাস্থ্য বিভাগে সংশ্লিষ্ট লোকজনৰ ম’বাইল নম্বৰকে ধৰি যাৱতীয় ডাটাসহ আৰোগ্য সেতুৰ সৈতে সংযোগ কৰিব ৷ ইয়াৰ লগে লগে ভাৰত চৰকাৰে সংশ্লিষ্ট লোকজনৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জানিব পাৰিব ৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে ৰেপিড টেষ্টিং কিট উপলব্ধ হোৱাৰ ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালক বাদ দি ৰাজ্যখনৰ প্রতিখন মেডিকেল কলেজ আৰু চিভিল হাস্পতালত অহা ২৪ এপ্রিলৰ পৰা জনসেৱাৰ কাম আৰম্ভ কৰিব পাৰিব ৷ ইপিনে, ক’ৰোনাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে নতুনকৈ স্থাপন কৰিবলগীয়া ৬খন সামূহিক হাস্পতালৰ কাম সদ্যহতে স্থগিত ৰখাৰ বিষয়ে জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে বর্তমান যিহেতু ৰাজ্যখনত ক’ভিড–১৯ৰ কলীয়া ডাৱৰ কমি আহিছে, সেয়ে চৰকাৰে সেই পুঁজিৰে বর্তমানৰ স্থায়ী আন্তঃগাঁথনিসমূহ শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ৷ বর্তমানৰ হাস্পতালসমূহত মুঠ এহেজাৰ আই চি ইউ স্থাপনৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে অসম আৰোগ্য নিধিত ৯৯.৫৬ কোটি টকা জমা হৈছে৷ ১০০ কোটি টকা আৰোগ্য নিধিত জমা হোৱাৰ লগে লগে সেই নিধিত বৰঙণি লোৱাটো বন্ধ কৰি দিব ৷ জনসাধাৰণে বৰঙণি আগবঢ়াব বিচাৰিলে সেয়া মুখ্যমন্ত্রী সাহায্য পুঁজিত দিব পাৰিব৷ আৰোগ্য নিধিত সংগৃহীত ১০০ কোটি টকাৰ লগতে কেন্দ্রৰ পৰা ১৬৮ কোটি টকা অহাৰ সম্ভাৱনা আছে ৷ এই দুয়োটা পুঁজিৰে স্বাস্থ্য বিভাগে বর্তমানৰ আন্তঃগাঁথনি শক্তিশালী কৰিব ৷