নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৬২৯৫ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ৰাজ্যত নতুনকৈ বুধবাৰে ১৩৪৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ বিগত ২৪ ঘন্টাত ১৮হাজাৰ ৯৪১টা পৰীক্ষা সম্পাদন কৰা হৈছে আৰু দৈনিক আক্ৰান্তৰ হাৰ ৭.১১শতাংশ ৷

ইপিনে আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ৩৪৮ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১২৭গৰাকী কামৰূপৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ৩৬২৯৫ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ৯৫৮২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ২৬৬১৮
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৯২

You might also like