নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত ৮৫৯জন লোক

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ ৰাজ্যত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৮৫৯জন লোক। প্ৰতিখন জিলাতেই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আনহাতে আৰক্ষীৰ পৰা স্বাস্থ্যকৰ্মীলৈ আক্ৰান্ত হোৱাৰ লগতে  মৃত্যুও ঘটিছে। উদ্বেগজনক কথা যে ক’ৰোনাত আক্ৰান্ত হৈ কম বয়সীয়াা লোকৰো মৃত্য়ু ঘটিছে। মঙলবাৰৰ দিনটোত মৃত্যু হোৱা ৬জন লোকৰ ভিতৰত ৩০ উৰ্ধ্বৰ লোকো আছে।

আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী মহানগৰীত সামাজিক দূৰত্ব মানি নচলিলে আৰু অধিক লোক সচেতন নহ’লে প্ৰতিদিনে প্ৰায় ২০০০তকৈ অধিক লোক আক্ৰান্ত হ’ব। গতিকে সকলোকে পূৰ্বতকৈ অধিক সচেতন হৈ থাকিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

You might also like