ৰাজ্যত ২ মহিলাসহ তিনি ক’ভিড–১৯ ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৮ জুলাই: ৰাজ্যৰ ভিন্ন প্রান্তত শেহতীয়াকৈ বৃদ্ধি পাবলৈ আৰম্ভ হৈছে ন’ভেল ক’ৰোনা ভাইৰাছৰ গণ সংক্রমণ৷ কোনো ধৰণৰ ভ্রমণ বৃত্তান্ত অথবা আক্রান্তৰে সংযোগৰ তথ্য নথকাকৈ বিভিন্ন জিলাত ক’ভিডত আক্রান্ত হৈছে বহু লোক৷ স্বাভাৱিকতে এনে আক্রান্ত লোকৰ তথ্যই ৰাজ্যখনত হোৱা গণ সংক্রমণ স্পষ্ট কৰি তুলিছে৷ এনে পৰিস্থিতিৰ মাজতে ক’ভিড–১৯ত আক্রান্ত হৈ আজি তিনিগৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰে এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু আন এগৰাকী মালিগাঁও আৰু তৃতীয়গৰাকী বশিষ্ঠত থকা ১৫১, বেচ হাস্পতালত মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা তথ্য অনুসৰি নগাঁও কলিয়াবৰৰ ধদৰাম মুড়া (৪০) নামৰ লোকজন যোৱা ১ জুলাইৰ পৰা নিউমোনিয়া তথা ছেপ্ঢিক শ্ব’কত আক্রান্ত হৈ জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল৷ এই লোকজন প্রথমে ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল৷ ব্যক্তিগৰাকীক ভেণ্টিলেচনৰ ব্যৱস্থাৰে চিকিৎসা প্রদান কৰি থকা হৈছিল যদিও আজি পুৱা লোকজনৰ মৃত্যু হয়৷
আনহাতে, গুৱাহাটীৰ মালিগাঁৱত এগৰাকী মহিলা ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ মহিলাগৰাকীৰ নাম মীনা ভৰালী৷ মধুমেহ আৰু বৃক্ক ৰোগত আক্রান্ত হৈ থকা মহিলাগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ পাছত তেওঁক ছোৱাব পৰীক্ষা কৰাত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হয়৷ ইফালে, বশিষ্ঠৰ চিকিৎসালয়ত মৃত্যু হোৱা দেৱী কাকতী নামৰ মহিলাগৰাকীৰ ঘৰ কামৰূপত৷ যোৱা ২ জুলাইত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ পূর্বৰে পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপত আক্রান্ত মহিলাগৰাকীৰ আজি নিশাৰ ভাগত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ আজি ৰাজ্যত নতুনকৈ ৮১৪জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰে ৫৮৮জন ক’ৰোনা পজিটিভ লোকেই গুৱাহাটী মহানগৰীৰ৷ আনহাতে, কালি নিশাৰে পৰা এই পর্যন্ত ৪৪৭জন ৰোগীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ ইয়াকে লৈ ৰাজ্যত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা হ’ল ১৩,৩৩৬গৰাকী৷ আক্রান্তসকলৰ ভিতৰত ৮,৩২৯গৰাকী সুস্থ হৈ উঠাত তেওঁলোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে৷
আনহাতে ৪,৯৮৮ গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে প্রথম পর্যায়ত গুৱাহাটী মহানগৰীত গণ সংক্রমণ আৰম্ভ হোৱাৰ পাছত এতিয়া ৰাজ্যৰ অন্যান্য প্রান্তলৈও সেয়া বিস্তাৰিত হৈছে৷ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন স্থানত চিকিৎসক–স্বাস্থ্যক আৰক্ষীৰ লোক আক্রান্ত হৈছে ক’ৰোনা ভাইৰাছত৷ একেদৰে জনসমাগম থকা বেংকৰ বিষয়া–কর্মচাৰীও আক্রান্ত হৈছে ব্যাপক ৰূপত৷ উল্লেখ্য যে যোৱা ২৪ জুনৰ পৰা ৪ জুলাইলৈ ১০ দিনত ৰাজ্যখনৰ বিভিন্ন জিলাত ৪,৯৪৫জন লোকৰ শৰীৰত ক’ৰোনা পজিটিভ ধৰা পৰে৷ ইয়াৰে কামৰূপ মহানগৰ জিলাতেই ১০ দিনত আক্রান্ত হয় ২,৭৪১জন লোক৷ আনহাতে, এই সময়ছোৱাত নগাঁও জিলাত ৩০৪জন, শোণিতপুৰত ২২৩জন, গোলাঘাটত ২১৩জন, কামৰূপ গ্রাম্যত ১৩৬জন, দৰঙত ১১০জন লোক ক’ৰোনা আক্রান্ত হয়৷ ইয়াৰ বিপৰীতে ৪ জুলাইত ৰাজ্যত অভিলেখসংখ্যক এটা দিনতেই ১,২০২জন লোকৰ শৰীৰত ক’ৰোনা পজিটিভ ধৰা পৰে৷ এই দিনটোত গুৱাহাটী মহানগৰীতে অকলে আক্রান্ত হয় ৭৭৭জন লোক৷ আনহাতে, ৫ জুলাইত ৰাজ্যখনত ৭৩৫জন লোক আক্রান্ত হোৱাৰ বিপৰীতে গুৱাহাটীত ৫৫২জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ একেদৰে ৬ জুলাইত ৰাজ্যখনত ৭৮৬জন লোক ক’ভিড আক্রান্ত হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত ক’ৰোনা পজিটিভ ধৰা পৰে ৫৯৮জন লোকৰ শৰীৰত৷ উল্লেখ্য যে যোৱা ২৮ জুনৰ পৰা দুসপ্তাহৰ বাবে গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিছিল৷
ইতিমধ্যে যোৱা ৪ তাৰিখে মহানগৰীখনত সর্বোচ্চ ৭৭৭জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ক্রমাৎ এই সংখ্যা হ্রাস পাবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে মহানগৰীৰ স্পর্শকাতৰ ৱার্ডসমূহত ঘৰে ঘৰে তাৎক্ষণিক ফলাফল লাভ কৰা ছোৱাব টেষ্ট আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে৷ এই তাৎক্ষণিক পৰীক্ষা আৰম্ভ হোৱাৰ পাছতেই মহানগৰীত আক্রান্তৰ সংখ্যা বৃদ্ধি পায় যদিও লকডাউনৰ পাছত ক্রমাৎ এই সংখ্যা হ্রাস পোৱা বিষয়টো ইতিবাচক বিবেচিত হৈছে৷ গুৱাহাটী মহানগৰীতো জনসমাগমস্থলীসম্ আক্রান্তৰ সংখ্যা প্রথমে বৃদ্ধি পোৱাৰ পাছত মহানগৰীখনত গণ সংক্রমণ আৰম্ভ হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ বিশেষকৈ ব্যৱসায়িক কেন্দ্রসমূহত আৰু বেংক–চিকিৎসালয়স আক্রান্তৰ সংখ্যা বৃদ্ধি পায়৷ জনসমাগম থকা ষ্টেট বেংকৰ বিভিন্ন শাখাত বিষয়া–কর্মচাৰী ক’ভিড আক্রান্ত হোৱা বিষয়টোৱে মহানগৰীত গণ সংক্রমণ স্পষ্ট কৰি তুলিছে৷ আনহাতে, মহানগৰীখনত ব্যাপক হাৰত আক্রান্ত হৈছে কর্মৰত আৰক্ষীও৷ ইয়াৰ লগতে বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মী ক’ভিড আক্রান্ত হোৱাৰ পাছত এতিয়া লকডাউনৰ ফলত এনে ৰোগীৰ পৰা হ’ব পৰা সংক্রমণ নিয়ন্ত্রিত হ’ব বুলি অনুমান কৰা হৈছে৷ প্রথম পর্যায়ত তাৎক্ষণিক টেষ্টৰ ফলাফলৰ ক্ষেত্রত প্রথম পর্যায়ত ৩০ শতাংশ লোকৰ ফলাফল পজিটিভ আহিছিল যদিও আজি এই পৰিমাণ ১৬ শতাংশলৈ হ্রাস পায়৷ এনে পৰিস্থিতি অব্যাহত থাকিলে গুৱাহাটী মহানগৰীৰ সংক্রমণ বহু পৰিমাণে নিয়ন্ত্রণলৈ আহিব বুলি ঠাৱৰ কৰিছে স্বাস্থ্য বিভাগে৷