ৰাজ্যবাসীৰ বাবে তিনিমাহৰ চাউল মজুত চাংসাৰীৰ ভাৰতীয় খাদ্য নিগমৰ গুদামত
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ আজি কামৰূপ জিলাৰ চাংসাৰীস্থ ভাৰতীয় খাদ্য নিগম চমুকৈ এফ. চি. আই. ৰ খাদ্যৰ গুদাম পৰিদৰ্শন কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু জিলা পৰিবহণ বিষয়া গৌতম দাসৰ লগতে জিলা যোগান বিভাগৰ বিষয়ববীয়াই।পৰিবহনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আয়ুক্ত সচিব ড০ কে ডিৱেদি আৰু আয়ুক্ত আদিল খানৰ নিৰ্দেশমৰ্মে জিলা পৰিবহণ বিষয়া গৌতম দাসে চাংসাৰীৰ ৰে’লৱে আৰু ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰৰ পৰা জিলাৰ লগতে সমগ্ৰ ৰাজ্যৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ খাদ্যসামগ্ৰী আৰু অন্যান্য সামগ্ৰী পৰিবহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুৰক্ষাৰে পৰিবহণ কৰাৰ ক্ষেত্ৰত তদাৰক কৰাৰ লগতে কোনো যাতে ব্যাঘাত নজন্মে তাৰ বাবে ৰে’লৱে কৰ্তৃপক্ষ আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয়াবৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে গুদাম ঘৰৰ পৰা পৰিবহণ কৰাচালকসকলক সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে।আনহাতে চালক সকলকো ক’ৰোনা প্ৰতিৰোধৰ সম্পূৰ্ণ সুৰক্ষা মানি চলিবলৈ আহ্বান জনায় জিলা পৰিবহণ বিষয়া গৌতম দাসে। পৰিদৰ্শন কালত ট্ৰাক চালক, হেণ্ডিমেন আৰু লোডিং আনলোডিংৰ শ্ৰমিক সকলক ক’ৰোনা ভাইৰাছৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়েও সজাগ কৰাৰ লগতে এই গুদামঘৰত ৰাজ্যখনৰ বাবে তিনি মাহৰ চাউল মজুত থকাৰ কথা জানিবলৈ দিয়ে জিলা উপায়ুক্তৰ লগত পৰিবহন বিষয়া গৰাকীয়ে।বৰ্তমান এই গুদামত ৪২ মেট্ৰিক টন চাউল জমা আছে বুলি কৈ আকৌ ভালেকেইখন চাউল ভৰ্তি ৰেল আহি থকাৰ বিষয়েও সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।