নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাক লৈ নিমিলা অংক বিৰোধীৰঃ এআইইউডিএফক লাগে প্রার্থিত্ব

নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ আসন্ন ৰাজ্যসভা নির্বাচনত বিৰোধীয়ে এখন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে যদিও এতিয়াও অংক মিলা নাই বিৰোধীৰ৷ মূলতঃ প্রার্থিত্বক কেন্দ্র কৰি এতিয়াও ঐকমত্যত উপনীত হ’ব পৰা নাই বিৰোধী শিবিৰ৷ প্রধান বিৰোধী দল কংগ্রেছৰ সমান্তৰালভাৱে বিৰোধী এআইইউডিএফেও বিচাৰিছে এইবাৰ ৰাজ্যসভাৰ বিৰোধীৰ আসনখনৰ প্রার্থিত্ব৷ এআইইউডিএফৰ অন্যতম সাধাৰণ সম্পাদক তথা বিধায়ক ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে ২০০৬ চনতেই এআইইউডিএফ দলৰ জন্ম হৈছে৷ কিন্তু আজিলৈকে এআইইউডিএফৰ পৰা ৰাজ্যসভালৈ কোনো সাংসদ পঠিয়াব পৰা নাই৷ সেয়ে এইবাৰ এআইইউডিএফে তেওঁলোকক সুযোগ দিয়াৰ দাবী জনাইছে৷ প্রতিটো বিৰোধী দলৰ পৰা এইবাৰ তেওঁলোকক সেই সুযোগ দিয়াৰ বাবে দাবী জনাব৷ এই প্রসংগতে বিধায়ক ইছলামে আৰু কয় যে ডাঙৰ ভায়েকে বহল মনৰ পৰিচয় দিলে সৰু ভায়েকে ভাল পায়৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত এআইইউডিএফ দলে কংগ্রেছ দলক বিগ ব্রাডাৰ হিচাপে স্বীকৃতি দিছিল৷ সেই অনুসৰি বিধানসভা নির্বাচনত কংগ্রেছক ৯৫খন আসন এৰি দিয়ে৷ অৱশ্যে কংগ্রেছে ২৯খনতহে জয়লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ আসন্ন ৰাজ্যসভা নির্বাচনত আসনখন এআইইউডিএফক এৰি দিয়াৰ পোষকতা কৰি কয় যে এজনে আনজনৰ প্রতি সন্মান প্রদর্শন কৰিলে ভাল৷ ইপিনে, এইবাৰ ৰাজ্যসভা নির্বাচনত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে ৰাজ্যসভা নির্বাচনৰ ক্ষেত্রত ১ নম্বৰৰ পৰা আৰম্ভ হ’লে ভাল৷ বর্তমান কংগ্রেছ দল প্রধান বিৰোধী৷ সেয়ে এইবাৰৰ আসনখনত কংগ্রেছে প্রার্থিত্ব আগবঢ়াব৷ অহা চাৰিটা বছৰত যিহেতু বছৰে বছৰে ৰাজ্যসভা নির্বাচন অনুষ্ঠিত হ’ব, সেয়ে পৰৱর্তী ৰাজ্যসভা নির্বাচনত দ্বিতীয় বিৰোধী দল হিচাপে এআইইউডিএফক আসন এৰি দিব৷ পৰৱর্তী দিনত ৰাইজৰ দলক এখন আসন আৰু চিপিআই (এম) দলক এখন আসন এৰি দিব৷ সভাপতি বৰাই ৰ’টেচন ভিত্তিত বিৰোধীয়ে ৰাজ্যসভাত প্রতিনিধিত্ব কৰাৰ পোষকতা কৰি সকলো বিৰোধীকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ সেইদৰে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে এইবাৰ ৰাজ্যসভা নির্বাচনত কংগ্রেছে প্রার্থিত্ব দিয়াৰ ইংগিত দি কয় যে বিৰোধীৰ ভিতৰত কংগ্রেছৰ বিধায়কৰ সংখ্যা বেছি৷ সেয়ে কংগ্রেছেই বিৰোধী পক্ষক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছে৷ মুঠতে ৰাজ্যসভা নির্বাচনক লৈ বিৰোধী শিবিৰত সম্প্রতি নিমিলা অংকৰ সৃষ্টি হৈছে৷ শেষ মুহূর্তলৈ কংগ্রেছ আৰু এআইইউডিএফ যদিহে ঐকমত্যত উপনীত হ’ব নোৱাৰে, তেতিয়াহ’লে ৰাজ্যসভা নির্বাচনত বিৰোধীয়ে প্রার্থিত্ব দিয়াটো বুমেৰাং হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব৷

You might also like