নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত উদ্ভট মন্তব্যঃ ১৫ দিনৰ সময়সীমা দিলে সত্ৰাধিকাৰে

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্র অসমত গণ আন্দোলন অব্যাহত থকাৰ মাজতে যোৱা ১১ ডিচেম্বৰ ২০১৯ বুধবাৰে ৰাজ্য সভাৰ মজিয়াত বিজেপিৰ মহাৰাষ্টৰ সাংসদ বি পি সহস্রবুদ্ধেই অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্রীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী বাংলাদেশৰ পৰা অহা লোকেৰে ভৰি আছে বুলি কৰা মন্তব্যক লৈ আজিও শান্ত হোৱা নাই মাজুলী ৷ সদনৰ মজিয়াত অসম তথা মাজুলীৰ সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে মাজুলীত কোনো থলুৱা মানুহ নাই, মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্রৱেশকাৰী৷ সকলো বাংলাদেশৰ পৰা আহি আশ্রয় লৈছে মাজুলীত ৷ সাংসদজনে বাংলাদেশীৰ কথা ক’বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰিছিল মাজুলীক ৷ অসমৰ সত্র–সংস্কৃতিৰ প্রাণকেন্দ্র স্বৰূপ মাজুলীক এইদৰে অপমান কৰা কার্যৰ বিৰুদ্ধে মাজুলীবাসী ওলাই আহিছিল ৰাজপথলৈ ৷

সাংসদজনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে পুত্তলিকা দাহ কৰি ৭ দিনৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল ৷ সত্রাধিকাৰ, জ্যেষ্ঠ নাগৰিক, সমাজ সচেতন ব্যক্তি, দল–সংগঠনে বান্ধি দিয়া ৭ দিন উকলিল ৷ কিন্তু ক্ষমা নুখুজিলে ৷ লগতে উঠাই নল’লে তেওঁৰ এই বক্তব্য ৷ যাৰ বাবে শুকুৰবাৰে আকৌ লিখিত পত্র প্রেৰণ কৰিছে সাংসদজনলৈ ৷ মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰী যোগেদি ১৫ দিনৰ সময়সীমা ধার্য কৰি এখন পত্র বিতর্কিত সাংসদজনলৈ প্রেৰণৰ লগতে ৰাজ্যপাল, মুখ্যমন্ত্রীলৈও প্রেৰণ কৰিছে ৷ এসময়ৰ ৮৮০ বর্গকিলোমিটাৰজোৰা মাজুলীৰ খহনীয়াৰ দিশটো উদঙাই দি বর্তমানৰ ৩৫২ বর্গকিলোমিটাৰ ভূমিৰ তথ্য উল্লেখ কৰি মহাপুৰুষ দুজনাৰ অৱদান, মণিকাঞ্চন সংযোগ ভূমি, সত্রানুষ্ঠন, মিচিং, দেউৰী, সোণোৱাল কছাৰী আদি ভিন্ন জাতি–জনগোষ্ঠীৰ তথ্যৰ বিৱৰণ দিয়াৰ লগতে মাজুলীৰ উৎপত্তি আৰু উৎসৱৰ তথ্য উল্লেখ কৰা পত্রখনত সহস্রবুদ্ধেই সহজে মাজুলীৰ বিষয়ে জানিব পৰাকৈ সকলো কথা উল্লেখ কৰাৰ লগতে ৰাজ্যসভাত দিয়া মন্তব্য উঠাই ল’বৰ বাবেও দাবী জনাইছে ৷

নিজা মন্তব্য উঠাই লৈ মাজুলীবাসীৰ ওচৰত ক্ষমা বিচাৰিবৰ বাবেও পোন্ধৰ দিনৰ চূড়ান্ত সময় বান্ধি দিছে সাংসদগৰাকীক ৷ অন্যথা আদালতৰ কাষ চাপিবলৈ বাধ্য থাকিব বুলিও পত্রখনত উল্লেখ কৰে স্বাক্ষৰকাৰী সত্রাধিকাৰসকলে ৷ স্বাক্ষৰকাৰী সত্রাধিকাৰসকলৰ ভিতৰত আছে দক্ষিণপাট আশ্রমী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱ গোস্বামী, আধাৰ সত্রৰ সত্রাধিকাৰ মহেশ চন্দ্র গোস্বামী, গডমূৰ বৰ সত্রৰ অধিকাৰ পৰমানন্দ দেৱ গোস্বামী, বেলসিদ্ধিয়া সত্রৰ অধিকাৰ নন্দ দুলাল গোস্বামী ৷ এই পত্র মাজুলীবাসীৰ হৈ প্রেৰণ কৰা বুলি জানিবলৈ দিছে জনার্দন দেৱ গোস্বামীয়ে ৷

You might also like