নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত তবলিগী জামাতত অংশগ্ৰহণ কৰি উভতি অহা ব্যক্তিৰ শৰীৰত ক’ভিড – ১৯ ধৰা পৰাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ আতংক । আক্ৰান্ত ব্যক্তিৰ সংখ্য়া বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ৰাজ্যলৈ বিপদঘণ্টা বজাইছে তবলিগী জামাতে । এক কথাত ক’বলৈ গ’লে ৰাজ্যৰ চহৰৰ পৰা গ্ৰামাঞ্চললৈ অব্যাহত আছে তবলিগী জামাতৰ আতংক । কিয়নো এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা বহু ব্যক্তিৰ তথ্য এতিয়াও পোহৰলৈ অহা নাই । সমান্তৰালভাৱে আন একাংশই নিজকে লুকুৱাই ৰাখিছে প্ৰশাসনৰ পৰা । ফলত নিজামুদ্দিন দৰগাহত অনুষ্ঠিত তবলিগী জামাতত অংশগ্ৰহণ কৰি অহা ব্যক্তিসকলৰ কিছুসংখ্যকৰ এতিয়াও পৰীক্ষা সম্পন্ন কৰিব পৰা হোৱা নাই ।
আনহাতে , তবলিগী জামাতত অংশগ্ৰহণ কৰি উভতি অহা লোকসকলে ঘৰলৈ আহি নিজকে আছুতীয়াকৈ নৰখাৰ বাবেও এতিয়া ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । কিয়নো এই লোকসকল নিজ গৃহলৈ উভতি অহাৰ পিছত সংস্পৰ্শলৈ আহিছে স্থানীয় বহু ব্যক্তিৰ । ফলত জামাতত অংশগ্ৰহণ কৰি অহা ব্যক্তিৰ স্থানীয় অঞ্চলসমূহত বুকুত সংশয় লৈ পাৰ কৰিবলগীয়া হৈছে প্ৰতি ছেকেণ্ড সময় । অৱশ্যে ইয়াৰ মাজতে স্বাস্থ্যবিভাগে অতি তৎপৰতাৰে তবলিগী জামাতৰ পৰা উভতি অহা লোকসকলক চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে । বিভিন্ন পদ্ধতিৰে একাংশ লোকক চিনাক্ত কৰি পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভও কৰা হৈছে । লগতে ইতিমধ্যে নিজকে লুকুৱাই ৰখা লোকসকলক স্বাস্থ্য বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে ।