নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বাহিৰত থকা লোকসকল ঘূৰি আহিলে সৃষ্টি হ’বলগীয়া পৰিস্থিতিৰ বাবে সাজু স্বাস্থ্য বিভাগ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ৰাজ্যৰ বাহিৰত থকা লোকসকল ঘূৰি আহিলে সৃষ্টি হ’বলগীয়া পৰিস্থিতিৰ বাবে সাজু স্বাস্থ্য বিভাগ। ডিফুত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে স্বাস্থ্য বিভাগে স্থাপন কৰা ক’ল চেণ্টাৰলৈ প্ৰায় ৪লাখ লোকে ফোন কৰিছে। এই সন্দৰ্ভত মন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰায়  ১২লাখ মানুহ অসমৰ বাহিৰত আছে, যদি ভাৰতত ক’ভিড-১৯ শেষ নহয় আৰু তেওঁলোক অসমলৈ আহে স্বাভাৱিকতে এটা নতুন পৰিস্থিতিৰ সৃষ্টি হ’ব। এই পৰ্যায়টো আমাৰবাবে বিপদজ্জনক হ’ব বুলি আশংকা কৰা হৈছে। এই সন্দৰ্ভত আমি পৰিকল্পনা কৰিছো যে কেনেকৈ একে সময়তে আমি এই লোকসকলক কোৱাৰেণ্টাইনত ৰাখিব পাৰো। এই পৰ্যায়টো পাৰ কৰিবলৈ আমি চিন্তা-চৰ্চা অব্যাহত ৰাখিছো।

You might also like