‘ৰাজ্যৰ বাৰ্ষিক গড় উন্নয়নৰ হাৰ ১২.৩৮%’
২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ বাৰ্ষিক গড় উন্নয়নৰ হাৰ ১২.৩৮%
নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ সোণোৱাল চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেট দাখিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। বাজেটত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰসংগ। এই সন্দৰ্ভত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে একোখন ৰাজ্যৰ বিত্তীয় ব্যবস্থাৰ প্ৰতিফলন ঘটাব পৰা এক সূচক হৈছে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) দেশৰ মন্দাৱস্থাৰ মাজতো অসমৰ বিত্তীয় ব্যৱস্থাই সুস্থিৰ বিকাশ বৰ্তাই ৰাখিছে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ দৃষ্টিভংগীৰে বৰ্তমান মূল্যত ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ বাৰ্ষিক গড় উন্নয়নৰ হাৰ ১২.৩৮%। অসমৰ ৰাজ্যিক বিকাশৰ হাৰ ৰাষ্ট্ৰীয় গড় মানতকৈ অধিক বুলি মন্তব্য বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।