নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ভিড–১৯য়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানক্রমে চলি থকা লকডাউনৰ সময়ছোৱাৰ ভিতৰতে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে বৃহস্পতিবাৰে কেইবাগৰাকী বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক, শিল্পী, বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে ৷ মত বিনিময়ৰ সময়ত মিডিয়া উপদেষ্টাগৰাকীয়ে লকডাউনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপ সম্পর্কত তেওঁলোকক অৱগত কৰে ৷ তেওঁ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে জনসচেতনতা সৃষ্টিৰ দিশত তেওঁলোকে লোৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
মিডিয়া উপদেষ্টাগৰাকীয়ে ‘আছাম ট্ৰিবিউন গোষ্ঠী’ৰ স্বত্বাধিকাৰী, সংবাদ জগতৰ সন্মানীয় ব্যক্তি, পদ্মশ্রী বঁটাৰে বিভূষিত প্রফুল্ল গোবিন্দ বৰুৱাৰ গুৱাহাটীস্থিত বাসভৱনত উপস্থিত হৈ তেওঁৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰাৰ উপৰি সাম্প্রতিক সময়ত ট্ৰিবিউন গোষ্ঠীয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ উপৰি এই জটিল সময়ত জনসাধাৰণক ইতিবাচক মার্গ প্রদর্শন কৰাৰ দৰে গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে বিশিষ্ট কথাশিল্পী, অসমৰ চিন্তাশীল জগতৰ পথিকৃৎ, সু–সাহিত্যিক হোমেন বৰগোহাঞি, বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা, বিশিষ্ট কবি নীলমণি ফুকন, প্রখ্যাত অভিনেত্রী অনুপমা ভট্টাচার্য, বিশিষ্ট কার্টুনিষ্ট ত্রৈলোক্য দত্তক সাক্ষাৎ কৰি তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে লকডাউন সম্পর্কীয় বিভিন্ন বিষয় আলোচনা কৰে ৷ আনহাতে, বর্তমানে অসুস্থ হৈ গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ থকা বৰপেটা সত্রৰ ডেকা সত্রীয়া নৱজিৎ দাসৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে ৷ মিডিয়া উপদেষ্টাগৰাকীয়ে ডেকা সত্রীয়াগৰাকীৰ ভাতৃৰ সৈতে হাস্পতালত বার্তালাপ কৰি তেওঁৰ শেহতীয়া স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি ডেকা সত্রীয়াগৰাকীৰ আশু আৰোগ্যও কামনা কৰে ৷