২০২৩ চনৰ ১০ মে’ৰ ভিতৰত অসম সচিবালয়ত থকা সকলো ফাইল নিষ্পত্তি কৰিব ৰাজ্য চৰকাৰে
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে৷ জনসাধাৰণমুখী তথা সু-ব্যৱস্থাৰ অংশ হিচাপে অহা ৰ ফেব্ৰুৱাৰীৰ পৰা শুভাৰম্ভ কৰিবলগীয়া সদ্ভাৱনা প্ৰকল্পৰ বিষয়ে হোৱা মত-বিনিময় অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নাগৰিককেন্দ্ৰিক সেৱাসমূহ সৰ্বতোপ্ৰকাৰে সফল কৰাৰ দিশত অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে৷ জনসাধাৰণৰ বহু বছৰ ধৰি মীমাংসা নোহোৱা ফাইলসমূহ ৰাজ্য চৰকাৰে সূচনা কৰিব বিচৰা এই প্ৰকল্পৰ জৰিয়তে সুনিৰ্দিষ্ট সময়ৰ ভিতৰত নিষ্পত্তি কৰিব বিচৰা হৈছে৷
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্প সঠিকভাৱে ৰূপায়ন কৰাৰ দিশত বিষয়া-কৰ্মচাৰীসকলক জড়িত কৰিব বিচাৰিছে৷ নাগৰিকসকল প্ৰশাসন ব্যৱস্থাটোৰ অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিটো ফাইল নিষ্পত্তিকৰণৰ দিশত সংবেদনশীলতা থাকিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে সচিবালয় হৈছে সমগ্ৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোৰ প্ৰাণকেন্দ্ৰ৷ সেইবাবে অসম সচিবালয়ৰ ফাইল নিষ্পত্তিকৰণৰ ব্যৱস্থাটো নিকা, দ্ৰুত আৰু পেছাদাৰীত্ব মনোভাৱেৰে কৰিব লাগিব৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত অসম সচিবালয়ত থকা সকলো ফাইল নিষ্পত্তি কৰিব৷ এই সময়ছোৱাৰ ভিতৰত ই-ফাইল ব্যৱস্থাটো কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ কয়৷ সদ্ভাৱনা প্ৰকল্পৰ লগতে জনতা ভৱনত স্বচ্ছতা অভিযানো আৰম্ভ কৰা হ’ব৷
স্বচ্ছতা জীৱনৰ অংগ আৰু এক দৰ্শন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগতে স্বচ্ছতা সুনিশ্চিত কৰাৰ দিশত বিষয়া-কৰ্মচাৰীসকলে আত্মনিয়োগ কৰিব লাগিব বুলিও কয়৷ মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জ্জ্ব লাখ জনসাধাৰণে তেওঁলোকৰ ভূমিৰ সমস্যা নিষ্পত্তিকৰাৰ বাবে আবেদন জনাইছে৷ ইতিমধ্যে ২ লাখ এনেধৰণৰ আবেদন নিষ্পত্তি কৰা হৈছে৷ অহা ১০ মে’ৰ ভিতৰত আৰু ৬ লাখ আবেদন নিষ্পত্তি কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে সদ্ভাৱনা প্ৰকল্পৰ মূল উদ্দেশ্যই হ’ল এক সঁহাৰিপূৰ্ণ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা আৰু জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়োৱা৷ সেয়েহে প্ৰতিগৰাকী কৰ্মচাৰীয়ে জনসাধাৰণৰ স্বাৰ্থত এই প্ৰকল্প ৰূপায়নৰ দিশত নিষ্ঠা সহকাৰে সহযোগিতা আগবঢ়াব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত কেইবাগৰাকী উচ্ছপদস্থ বিষয়াই অংশগ্ৰহণ কৰে৷