নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেড জ’নত থকা নলবাৰী জিলাত আজিৰে পৰা নোখোলে চৰকাৰী কাৰ্যালয়

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ  কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ কঠোৰত কেতবোৰ ক্ষেত্রত শিথিল কৰাৰ ব্যৱস্থা লৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় গাইড লাইনো ইতিমধ্যে ৰাজ্য চৰকাৰে যুগুতাইছে৷ সেই অনুসৰি অহা ২১ এপ্রিল আজিৰে পৰা জনতা ভৱনকে ধৰি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে৷ এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷

কিন্তু বৰ্তমানো ৰেড জ’নত থকা গোৱালপাৰা, নলবাৰী আৰু ধুবুৰীত আজিৰে পৰা নোখোলে চৰকাৰী কাৰ্যালয় । দুয়োখন জিলা ৰেড জ’নত থকাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ৰূপে অহা কেইটামান দিনলৈ চৰকাৰী কাৰ্যালয় নোখোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

ইপিনে অৰেঞ্জ জ’নত থকা গোলাঘাট জিলাত কেৱল চৰকাৰী কাৰ্যালয়সমূহে খুলিব ।

You might also like