আজিৰ দিনটোৰ ৰাশিফল
মেষ: ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷
বৃষ: আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মিথুন: কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
কর্কট: পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণ৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৫৷
সিংহ: কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
কন্যা: কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷
তুলা: কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ দাম্পত্যত ভালেই৷ কর্মাদিত উৎসাহ৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ সুনাম৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷
বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১১৷
ধনু: উন্নত দিনৰ অনুমান৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৯৷
মকৰ: ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
কুম্ভ: অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ১৷