আৰক্ষীক ১ কোটিৰ উপঢ়ৌকনৰ টোপ ধৃত চাইবুৰৰ
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ এগৰাকী এ চি এছ বিষয়াৰ সম্পত্তিৰ তালিকাক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই ইতিমধ্যে গ্রেপ্তাৰ কৰা ধুবুৰী জিলাৰ এইগৰাকী অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানৰ সম্পত্তিয়ে চকু থৰ লগাইছে তদন্তকাৰী সংস্থাৰো৷ ২০০২ চনৰ এ চি এছ চাইবুৰ ৰহমানে বিগত ১৯টা বছৰত সোঁৱে–বাঁৱে দুর্নীতিৰে গঢ়ি তোলা পর্বতসম সম্পত্তিৰ উৎস বিচাৰি বুধবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অভিযান চলালে ধনকুবেৰজনৰ গুৱাহাটীস্থিত দুটাকৈ প্রাসাদোপম অট্টালিকাত৷ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত ২০জনীয়া দল এটাই আজি পোনপ্রথমে অভিযান চলায় গুৱাহাটীৰ সিজুবাৰীৰ মেহেৰবান পথত থকা চাইবুৰ ৰহমানৰ অট্টালিকাত৷ চৰকাৰী বিষয়াগৰাকীৰ লগতে দ্বিতীয় পত্নী মীনাক্ষি ৰহমানক লৈ চলোৱা এই অভিযানত মেহেৰবান পথৰ অট্টালিকাত উদ্ধাৰ হয় একাধিক আপত্তিজনক নথি৷ সমান্তৰালভাৱে অভিযানকাৰী দলটোৱে বাসগৃহটোৰ পৰা উদ্ধাৰ কৰে বহু আ–লংকাৰ৷
ইয়াৰ পাছতে বেলতলাত থকা ৰিদ্ধিসিদ্ধি এপার্টমেণ্টৰ কাষতে থকা চাইবুৰ ৰহমানৰ তিনিমহলীয়া অট্টালিকাতো চলে অভিযান৷ বিষয়াগৰাকীৰ পত্নী মীনাক্ষি ৰহমানে কোলাত কেঁচুৱা লৈ অভিযানকাৰী দলটোক বাসগৃহৰ ভিতৰলৈ নি সম্পত্তি ক্রয়ৰ যি তথ্য দাঙি ধৰিলে, তাক দেখি চকু কপালত উঠিল তদাৰকী শাখাৰ বিষয়াসকলৰ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰাৰ পূর্বে চাইবুৰ ৰহমানে এগৰাকী খণ্ড উন্নয়ন বিষয়া হিচাপে ডিমা হাচাও, দক্ষিণ শালমাৰা, মৰিগাঁও, গোৱালপাৰা জিলাতো কার্যনির্বাহ কৰিছিল৷ সেই সময়তে দুর্নীতিত নামি পৰা এইগৰাকী বিষয়াই তেওঁৰ চাকৰি কালৰ ১৯টা বর্ষত ৰাজ্যৰ ৮৯টা স্থানত ক্রয় কৰে ১০০ কোটি টকাৰো অধিক মূল্যৰ ভূমি৷
এই অভিযানকালত তদন্তকাৰী দলটোৱে উদ্ধাৰ কৰা ভূমি ক্রয়ৰ তথ্য অনুসৰি গুৱাহাটী আৰু কামৰূপ জিলাতে চাইবুৰ ৰহমান, তেওঁৰ দুয়ো পত্নী আৰু ভাতৃৰ নামত ৩৮টা স্থানত মাটিৰ প্লট আছে৷ আনহাতে বৰপেটা জিলাৰ ৪১টা স্থানত এইজন দুর্নীতিপৰায়ণ বিষয়াই ক্রয় কৰিছে ভূমি৷ চাকৰিকালত সোঁৱে–বাঁৱে ধন আহৰণ কৰা চাইবুৰ ৰহমানে আয়কৰ বিভাগক দিয়া তথ্য অনুসৰি তেওঁৰ আয় ৬,৭১,১৯,৯৬২ টকা৷ এই আয়ৰ বিপৰীতে কৰ ব্যয় কৰিছে ৫,৭৮,৭২,৫৩৯ টকা৷ সেই অনুসৰি তেওঁৰ জমা থাকিব লাগিছিল ৯২,৪৭,৪২৩ টকা৷ কিন্তু চাইবুৰ ৰহমানৰ নামত জমা আছে ৭,৩২,৫৯,৬১১ টকা৷ অর্থাৎ ৬ কোটিতকৈও অধিক টকাৰ তেওঁৰ উৎস নাই৷ সেয়াই নহয়, চাইবুৰ ৰহমানে তেওঁৰ চাকৰি কার্যকালত গুৱাহাটী মহানগৰীৰ জালুকবাৰী, মিকিৰপাৰা, পশ্চিম বৰাগাঁৱৰ, ফটাশিল, দক্ষিণগাঁও, গাড়ীগাঁও, হাতীগাঁৱত মুঠ ২৮টা মাটিৰ প্লট ক্রয় কৰিছে৷ একেদৰে কামৰূপ জিলাৰ হাজো, দলিপাৰা আদিকে ধৰি কেইবাটাও স্থানত ক্রয় কৰিছে ১০টা মাটিৰ প্লট৷
বুধবাৰে মহানগৰীৰ হাতীগাঁও আৰু বেলতলাত থকা চাইবুৰ ৰহমানৰ প্রসাদোপম অট্টালিকাত চলোৱা অভিযানত এই ভূমিৰ নথি–পত্র তদন্তকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে বর্তমান সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সচিব ৰূপে কার্যনির্বাহ কৰি থকা চাইবুৰ ৰহমানে সদ্যসমাপ্ত বিধানসভা নির্বাচনত তেওঁৰ দ্বিতীয় পত্নী মীনাক্ষি ৰহমানক এ আই ইউ ডি এফৰ প্রার্থী ৰূপে প্রক্ষেপ কৰিছিল৷ নির্বাচনৰ বাবে টিকট যোগাৰৰ পৰা নির্বাচনৰ নামত ব্যয় হৈছিল প্রায় ১০ কোটি টকা৷ নির্বাচনত প্রার্থী হিচাপে পত্নী মীনাক্ষি ৰহমানে দাখিল কৰা শপতনামাত চলিত বর্ষৰ মার্চ মাহলৈকে দুয়ো পতি–পত্নীৰ বেংক একাউণ্টত থকা ১১ লাখ টকা জমা থকাৰ তথ্য দাখিল কৰিছিল৷ আনহাতে মীনাক্ষি ৰহমানে ৩৭,৪৬,৯৮২ টকা বীমা ক্রয় কৰা দেখুওৱাৰ বিপৰীতে চাইবুৰ ৰহমানৰ নামত ৭৯,৪৪,৯৯৫ টকাৰ বীমা৷ শপতনামাত মীনাক্ষি ৰহমানৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৪৭ লাখ দেখুওৱাৰ বিপৰীতে ২ লাখ টকাৰ সোণৰ গৰাকী বুলি উল্লেখ কৰিছিল৷
এগৰাকী ব্যৱসায়ী বুলি উল্লেখ কৰা মীনাক্ষি ৰহমানে তেওঁৰ নামত ৩৫ লাখ টকাৰ এখন ফর্ড এণ্ডেভৰ গাড়ী থকাৰ কথাও উল্লেখ কৰিছিল৷ শপতনামাত চাইবুৰ ৰহমানৰ নামত ৬.১৮ কোটি টকাৰ সম্পত্তি থকাৰ কথা উল্লেখ কৰিছে৷ কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই চাইবুৰ ৰহমানক গ্রেপ্তাৰ কৰাৰ পূর্বে তেওঁৰ পত্নীয়ে সদ্যসমাপ্ত নির্বাচনত দাখিল কৰা শপতনামা পৰীক্ষা কৰাত উল্লেখ কৰা সম্পত্তি তথা আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহে৷ আজি সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক ৰ’জী কলিতাই প্রকাশ কৰা মতে–মুখ্যমন্ত্রীৰ নির্দেশত দুর্নাতিগ্রস্ত বিষয়াজনৰ বিৰুদ্ধে চলোৱা অভিযানত অধিক তথ্য পোহৰলৈ আহিছে৷
ইতিমধ্যে বিভিন্ন জিলা উপায়ুক্তলৈ পত্র প্রেৰণ কৰি চাইবুৰ ৰহমানে কোন জিলাত কিমান টকা মূল্যৰ ভূমি ক্রয় কৰিছে, তাৰ তথ্য সংগ্রহ কৰি থকা হৈছে৷ আৰক্ষী অধীক্ষগৰাকীৰ ভাষ্য– বিভিন্ন জিলাত বিডি’ হিচাপে কার্যনির্বাহ কৰা হেতুকে তেওঁৰ ধন ব্যয় কৰাৰ কিছু ক্ষমতা আছিল৷ সেই ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁ অগাধ সস্পত্তিৰ গৰাকী হৈছে৷ এই দিশসমূহক পৰীক্ষা কৰি থকা হৈছে৷
উল্লেখ্য যে আজি বেলতলা ৰিদ্ধিসিদ্ধি এপার্টমেণ্টৰ কাষতে থকা চাইবুৰ ৰহমান তিনিমহলীয়া অট্টালিকাত অভিযান চলাই তদন্তকাৰী দলটোৱে দুখনকৈ বিলাসী বাহন জব্দ কৰিছে৷ লক্ষণীয় আন এটা দিশ হ’ল যে দুর্নীতিৰে পর্বতসম সম্পত্তিৰ গৰাকী হোৱা চাইবুৰ ৰহমানে কালি গ্রেপ্তাৰৰ পৰিৱর্তে তদাৰকী শাখাৰ অভিযানকাধী দলক এক কোটি টকাৰ উপঢ়ৌকন আগবঢ়াইছিল৷ আজি এই সন্দর্ভত আৰক্ষী অধীক্ষক ৰ’জী কলিতাই স্পষ্ট কৰি দিয়ে যে দুর্নীতিগ্রস্ত বিষয়াই উপঢ়ৌকনেৰে অসম আৰক্ষীৰ বিষয়াক ক্রয় কৰিব নোৱাৰে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুর্নীতিগ্রস্ত এনে বিষয়া তথা কর্মচাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে কঠোৰ পদক্ষেপ ল’বলৈ নির্দেশ দিছে৷ আৰক্ষী বিষয়াগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে অচিৰেই আন কেইবাজনো চৰকাৰী দুর্নীতিগ্রস্ত বিষয়াৰ বিৰুদ্ধে অভিযান চলাৱা হ’ব৷