নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জানুৱাৰীত পুনৰ উৎপাদন আৰম্ভ হ’ব কলিয়াবৰৰ মৰাপাট কলৰ

উৎফুল্লিত শ্রমিক–কর্মচাৰীঃ সংঘাত পৰিহাৰৰ আহ্বান ৰাইজৰ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ দেশৰ ভিতৰতে সমবায় ভিত্তিত গঢ়ি উঠা নগাঁও জিলাৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলত পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে৷ মৰাপাট কল কর্তৃপক্ষৰ সূত্রই জনোৱা মতে, সমাগত ইংৰাজী নৱবর্ষৰ পহিলা জানুৱাৰীৰ পৰা মৰাপাট কলটোত উৎপাদন আৰম্ভ হ’ব৷ লাভজনক এই উদ্যোগটোত শেহতীয়াভাৱে সৃষ্টি হোৱা আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে মৰাপাট কল কর্তৃপক্ষই চলিত বর্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে শ্রমিকৰ দৰমহাৰ পৰা কিছু শতাংশ কর্তন কৰাৰ এক প্রস্তাৱ দাঙি ধৰিব বিচাৰিছিল৷ এই প্রস্তাৱৰ বিষয়ে সদৰী হোৱাৰ লগে লগে শ্রমিকসকলৰ মাজত হাহাকাৰ লগাৰ লগতে তেওঁলোকৰ মাজত ক্ষোভৰ সৃষ্টি হয়৷ ইয়াৰ অংশ হিচাপে চলিত বর্ষৰ ২ নৱেম্বৰত মৰাপাট কলটোৰ চৌহদত একাংশ শ্রমিক আৰু ইউনিয়নৰ মাজত তীব্র সংঘাতৰ সৃষ্টি হয়৷ তদুপৰি সেইদিনা ক্ষুব্ধ শ্রমিকসকলে উদ্যোগটোৰ পৰিচালন সঞ্চালকৰ বাসগৃহ ঘেৰাও কৰিছিল৷ সেইদিনাৰ পৰাই মৰাপাট কলটো আজিলৈকে বন্ধ হৈ আছে৷ আজি প্রায় ৫০ দিনৰো অধিক সময় মৰাপাট কলটো বন্ধ হৈ থকাত শ্রমিক কর্মচাৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অতি কষ্টৰে শ্রমিক কর্মচাৰীসকলে জীৱন অতিবাহিত কৰিব লগা হৈছে৷ মৰাপাট কলটোৰ পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ কৰিবৰ বাবে কলিয়াবৰৰ বিভিন্ন সচেতন ব্যক্তি, দল–সংগঠনে অসম চৰকাৰৰ লগতে কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তক দাবী জনাই আহিছে৷ মৰাপাট কলটোৰ সুৰক্ষাৰ স্বার্থত গঠিত অসম সমবায় মৰাপাট কল সুৰক্ষা মঞ্চই মৰাপাট কলটোৰ পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ কৰাৰ লগতে শ্রমিকৰ স্বার্থ সুৰক্ষিত কৰিবৰ বাবে ইতিমধ্যে দুবাৰকৈ মন্ত্রী কেশৱ মহন্তক স্মাৰক পত্র প্রদান কৰিছিল৷ এনে এক পৰিস্থিতিৰ মাজতে মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া পুনৰ আৰম্ভ কৰিবৰ বাবে মন্ত্রী কেশৱ মহন্তৰ প্রচেষ্টাত মৰাপাট কল কর্তৃপক্ষই প্রস্তুতি আৰম্ভ কৰিছে৷

নৱেম্বৰত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোক নির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া পুনৰ আৰম্ভ কৰিবৰ বাবে দহ কোটি টকাৰ আর্থিক সাহায্য ঘোষণা কৰিছে৷ মৰাপাট কল কর্তৃপক্ষই জনোৱা মতে এই ধনৰাশি পাবৰ বাবে যাৱতীয় কাম–কাজ সম্পন্ন কৰা হৈছে আৰু শীঘ্রে পোৱাৰ সম্ভাৱনা আছে৷ মৰাপাট কলটোলৈ মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলৰ লগত মৰাপাট কল কর্তৃপক্ষৰ বুজাবুজি হৈছে আৰু ব্যৱসায়ীসকলে মৰাপাট যোগান ধৰাৰ কাম আৰম্ভ কৰিছে৷ উল্লেখ্য যে মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে মৰাপাট কল কর্তৃপক্ষৰ পৰা প্রায় এঘাৰ কোটি টকা পাবলৈ আছে৷ মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে জানিবলৈ দিয়া মতে এই ব্যৱসায়ীসকলক তেওঁলোকৰ প্রাপ্য ধন পর্যায়ক্রমে দিয়াৰ কাম আৰম্ভ কৰা হৈছে৷ তেওঁ লগতে কয় যে প্রায় দুমাহ ধৰি মৰাপাট কলটো বন্ধ হৈ থকাত মৰাপাট কলটো পুনৰ আৰম্ভ কৰিবৰ বাবে যাৱতীয় আভ্যন্তৰীণ কাম–কাজখিনি কৰি থকাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি থকা হৈছে৷ ২০২১ৰ পহিলা জানুৱাৰীত অসমৰ ৰাইজে ভাল খবৰ লাভ কৰিব৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল মৰাপাট কলটোত অসম সমবায় মৰাপাট কল কর্মী পৰিষদ আৰু অসম সমবায় মৰাপাট কল কর্মী সন্থা নামৰ দুটা ইউনিয়ন আছে৷ এই দুয়োটা ইউনিয়নৰ সংঘাতৰ পৰিণতিতে মৰাপাট কলটোত অচলাৱস্থাৰ সৃষ্টি হয় বুলি ৰাইজে মন্তব্য কৰিছে৷ মৰাপাট কলটোৰ স্বার্থতেই সকলোকে সংঘাত পৰিহাৰ কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷ মৰাপাট কলটোত সহস্রাধিক বিষয়া, শ্রমিক, কর্মচাৰী আছে৷ বিষয়া, শ্রমিক, কর্মচাৰীসকলক প্রতিমাহে দৰমহা দিওঁতে ব্যয় হয় ১ কোটি ৪০ লাখ টকা৷ দৰমহাসহ আন যাৱতীয় কাম–কাজত প্রতিমাহে ব্যয় হয় প্রায় পাঁচ কোটি টকা৷ এনে ব্যয়ৰ মাজতে ২০১৯–২০ বর্ষলৈকে মৰাপাট কলটোৱে লাভৰ মুখ দেখি আহিছিল৷ দৈনিক ২৪ মেড্রিকটন উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লোৱা মৰাপাট কলটোত শেহতীয়াভাৱে উৎপাদন কিছু হ্রাস পাইছিল৷ ১৯৭১ চনত উৎপাদন আৰম্ভ হোৱা মৰাপাট কলটো বিভিন্ন কাৰণত ১৯৮৪ চনত মৰাপাট কলটো বন্ধ হৈ পৰে৷ অসম চুক্তি অনুসৰি ১৯৮৬ চনৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন আৰম্ভ হয়৷ সকলো লেনাদেনা পৰিশোধ কৰি ১৯৯২ চনৰ পৰা মৰাপাট কলটোৱে ক্রমাগতভাৱে ২০১৯–২০ বর্ষলৈ আশাতীতভাৱে লাভৰ মুখ দেখিছিল৷ কিন্তু শেহতীয়াভাৱে মৰাপাট কলটো পুনৰ বন্ধ হৈ পৰাত শ্রমিক কর্মচাৰীৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ লগতে কলিয়াবৰৰ সচেতন নাগৰিক উদ্বিগ্ণ হৈ পৰিছে৷ এতিয়া দুমাহৰ অন্তত মৰাপাট কলটো পুনৰ আৰম্ভ হ’ব বুলি খবৰ লাভ কৰাত সকলোৰে মুখত হঁাহি বিৰিঙিছে৷ এইক্ষেত্রত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্রী কেশৱ মহন্তই লোৱা পদক্ষেপক সকলোৱে শলাগ লৈছে৷

You might also like