নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহত ১৫বাৰ বৃদ্ধি পেট্র’ল–ডিজেলৰ মূল্য

ক’ভিডসৃষ্ট জটিলতাৰ মাজতে পৰিবহণ ব্যৱস্থালৈ সংকট

নিয়মীয়া বাৰ্তা ৩১ মেঃ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্র’ল–ডিজেলৰ মূল্য৷ চলিত মাহত দুয়োবিধ তৈল ইন্ধনৰ প্রথম দাম বাঢ়িছিল যোৱা ৪ মে’ত৷ তাৰ পাছত কালিৰ দিনটোলৈকে মে’ মাহত পেট্র’ল–ডিজেলৰ মূল্য মুঠ ১৫বাৰকৈ বৃদ্ধি হৈছে৷ কালি প্রতিলিটাৰ পেট্র’লত ২৬ পইচা আৰু ডিজেলৰ দাম ২৮ পইচা বঢ়োৱা হয়৷ ইয়াৰ লগে লগে দেশত পেট্র’ল–ডিজেলৰ মূল্যই সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ বিশেষকৈ পেট্র’লৰ মূল্যই ৰাজস্থান, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্রৰ কেইবাখনো মহানগৰত কোবাইছে চেঞ্চুৰী৷

মুম্বাইত প্রতিলিটাৰ পেট্র’লৰ নতুন মূল্য ১০০.১৯ টকা হৈছেগৈ৷ সেইদৰে ৰাজস্থানৰ শ্রীগংগানগৰ জিলাত আজিৰ তাৰিখত পেট্র’ল–ডিজেলৰ মূল্য দেশৰ ভিতৰতে সর্বাধিক৷ জিলাখনত প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ দাম হ’ল ক্রমে ১০৪.৯৪ টকা আৰু ৯৭.৭৯ টকা৷ এই মহানগৰ কেইখনক বাদ দি অসমৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্য তথা স্থানতো পেট্র’লৰ মূল্যই ১০০ টকা স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ একেদৰে বাঢ়িব ধৰিছে ডিজেলৰ মূল্যও৷ চেন্নাইত প্রতিলিটাৰ পেট্র’লৰ মূল্য বৃদ্ধি হৈ ৯৫.৫১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হৈছে ৮৯.৬৫ টকা৷ কলকাতাত প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ বর্ধিত মূল্য হ’ল ক্রমে ৯৩.৯৭ টকা আৰু ৮৭.৭৪ টকা৷

দেশৰ ৰাজধানী দিল্লীতো প্রতিলিটাৰ পেট্র’ল ৯৩.৯৪ টকাত গ্রাহকে ক্রয় কৰিবলগীয়া হৈছে৷ একেদৰে ডিজেলৰ মূল্য হৈছে ৮৪.৮৯ টকা৷ সম্প্রতি অসমৰ লখিমপুৰ জিলাত পেট্র’ল–ডিজেলৰ মূল্য সর্বাধিক৷ লখিমপুৰত প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য হ’ল ক্রমে ৯২.৪৯ টকা আৰু ৮৬.৯৮ টকা৷ ক’ৰোনাকালৰ মাজতে এনেদৰে হোৰাহোৰে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সমগ্র দেশৰ লগতে অসমৰো পৰিবহণ ব্যৱস্থালৈ কার্যতঃ সংকট নামি আহিছে৷ কিয়নো ইন্ধনৰ মূল্যবৃদ্ধিৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ আছে খাদ্যবস্তুকে ধৰি অন্যান্য বিভিন্ন সামগ্রী আৰু অত্যাৱশ্যকীয় সেৱাৰ পৰিবহণ ব্যয়৷ পেট্র’ল–ডিজেলৰ দাম বঢ়াৰ লগে লগে পৰিবহণত হোৱা অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিবলৈ সামগ্রীসমূহৰ মূল্যবৃদ্ধি ঘটিছে৷ যাৰ প্রভাৱ প্রত্যক্ষভাৱে পৰিছে কাল ক’ৰোনাই জীৱন–জীৱিকালৈ দুর্যোগ নমাই অনা সর্বসাধাৰণ জনতাৰ ওপৰত৷ তেলৰ আন্তর্জাতিক বজাৰৰ সৈতে সংগতি ৰাখি দেশত পেট্র’ল–ডিজেলৰ মূল্য নির্ধাৰণ কৰে ইণ্ডিয়ান অইল, ভাৰত পেট্র’লিয়াম, হিন্দুস্তান পেট্র’লিয়াম আদিৰ দৰে তৈল কোম্পানীসমূহে৷

পুৱা ৬ বজাৰ পৰা তেলৰ নতুন নিৰিখৰ মূল্য কার্যকৰী হয়৷ বিশ্বত অপৰিশোধিত তেলৰ মূল্য নির্ধাৰণকাৰী সংস্থাই (গ্ল’বেল অইল বেঞ্চমার্ক) যোৱা ২৮ মে’ত প্রতি বেৰেল তেলৰ দাম বৃদ্ধি কৰিছিল৷ ইয়াৰ ফলতেই দেশত পেট্র’ল–ডিজেলৰ মূল্য বৃদ্ধি হোৱা বুলি অনুমান কৰা হৈছে৷ লক্ষণীয়ভাৱে মূল্য সংযোজিত কৰকে ধৰি স্থানীয় অন্যান্য শুল্কৰ ভিত্তিত দেশৰ বিভিন্ন ৰাজ্যত পেট্র’ল–ডিজেলৰ মূল্যত কিছু তফাৎ থাকে৷ আনকি এখন ৰাজ্যৰ ভিতৰতো এই দুয়োবিধ তৈল ইন্ধনৰ দামত পার্থক্য থকা পৰিলক্ষিত হয়৷ তথ্য অনুসৰি আজিৰ দিনটোত প্রতিলিটাৰ পেট্র’লৰ গুৱাহাটীত মূল্য আছিল ৮৯.৮৬ টকা৷ কিন্তু ইয়াৰ বিপৰীতে বাক্সাত এই ইন্ধনবিধৰ মূল্য ৯০.০২ টকা, বৰপেটাত ৯০.৩১ টকা, বিশ্বনাথত ৯০.৭৮ টকা, বঙাইগাঁৱত ৮৯.৯৯ টকা, কাছাৰত ৯০.৩৬ টকা, চৰাইদেউত ৯০.৭৩ টকা, চিৰাঙত ৮৯.৭৪ টকা, দৰঙত ৯০.২৭ টকা, ধেমাজিত ৯১.০৪ টকা, ধুবুৰীত ৯০.৯০ টকা, ডিব্রুগড়ত ৯০.২৫ টকা, ডিমা হাছাওত ৯২.০৮ টকা, গোৱালপাৰাত ৯০.২৯ টকা, গোলাঘাটত ৯০.০৭ টকা, হাইলাকান্দিত ৯০.৮১ টকা, হোজাইত ৯১.০৩ টকা, যোৰহাটত ৯০.১০ টকা, কামৰূপত ৮৯.৮৬ টকা, কার্বি আংলঙত ৯০.২২ টকা, কৰিমগঞ্জত ৯০.৯৭ টকা, কোকৰাঝাৰত ৯০.২০ টকা, মাজুলীত ৯১.৭৮ টকা, মৰিগাঁৱত ৮৯.৯৯ টকা, নগাঁৱত ৯১.০২ টকা, নলবাৰীত ৯০.২৪ টকা, শিৱসাগৰত ৯০.৪৬ টকা, শোণিতপুৰত ৮৯.৯২ টকা, তিনিচুকীয়াত ৮৯.৭৪ টকা, ওদালগুৰিত ৯০.৫৭ টকা আৰু পশ্চিম কার্বি আংলঙত আছিল ৯১.১৫ টকা৷

অনুৰূপ ধৰণে প্রতিলিটাৰ ডিজেলৰ মূল্য আজি বাক্সাত ৮৫.০৫ টকা, বৰপেটাত ৮৫.৩৪ টকা, বিশ্বনাথত ৮৫.৭১ টকা, বঙাইগাঁৱত ৮৫.০২ টকা, কাছাৰত ৮৫.৪২ টকা, চৰাইদেউত ৮৫.৬৬ টকা, চিৰাঙত ৮৪.৭৮ টকা, দৰঙত ৮৫.৩০ টকা, ধেমাজিত ৮৫.৮৯ টকা, ধুবুৰীত ৮৫.৭৮ টকা, ডিব্রুগড়ত ৮৫.২৮ টকা, ডিমা হাছাওত ৮৬.৭৬ টকা, গোৱালপাৰাত ৮৫.৩২ টকা, গোলাঘাটত ৮৫.১০ টকা, গুৱাহাটীত ৮৪.৮৯ টকা, হাইলাকান্দিত ৮৫.৭৬ টকা, হোজাইত ৮৫.৯০ টকা, যোৰহাটত ৮৫.১৩ টকা, কামৰূপত ৮৪.৮৯ টকা, কার্বি আংলঙত ৮৫.২৫ টকা, কৰিমগঞ্জত ৮৫.৮৭ টকা, কোকৰাঝাৰত ৮৫.২৩ টকা, মাজুলীত ৮৬.৪৪ টকা, মৰিগাঁৱত ৮৫.০২ টকা, নগাঁৱত ৮৫.৮৭ টকা, নলবাৰীত ৮৫.২৭ টকা, শিৱসাগৰত ৮৫.৪৫ টকা, শোণিতপুৰত ৮৪.৯৭ টকা, তিনিচুকীয়াত ৮৪.৭৮ টকা, ওদালগুৰিত ৮৫.৫৩ টকা আৰু পশ্চিম কার্বি আংলঙত ৮৫.৯৯ টকা আছিল৷ যদিহে এই হাৰত পেট্র’ল–ডিজেলৰ মূল্য বৃদ্ধি পাই গৈ থাকে, তেন্তে সর্বসাধাৰণ জনতাই সন্মুখীন হোৱা সংকট অধিক গভীৰ হোৱাৰ সম্ভাৱনা প্রকট৷

You might also like