নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰঃ অসমত এক শতাংশৰ তললৈ নামিল ক’ভিড আক্রান্তৰ হাৰ

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে৷ ক’ভিড টেষ্টত আক্রান্তৰ হাৰ ১ শতাংশৰ তললৈ নামিছে৷ আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ ০.৯০ শতাংশ৷ ইয়াৰ সমান্তৰালভাৱে আশাব্যঞ্জকভাৱেই ৯৬.৯৮ শতাংশলৈ বৃদ্ধি পাইছে সুস্থতাৰ হাৰ৷ সম্প্রতি ৰাজ্যখনত সক্রিয় হৈ থকা ক’ভিড ৰোগীৰ হাৰ হৈছে মাত্র ২.৫৬ শতাংশ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে টুইটাৰযোগে প্রকাশ কৰা অনুসৰি  দিনটোত ৰাজ্যখনত নতুনকৈ ২৪৫গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৫১গৰাকী কামৰূপ মেট্র’ জিলাৰ৷

বুধবাৰে দিনটোত অসমত ২৭,৩২৩গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত আজি ৮৩৭গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ অসমত ২,০৯,৬৩৩গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও ২,০৩,৩০৫গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ আজিৰ তাৰিখত বিভিন্ন হাস্পতালত ৫,৩৭১গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ অৱশ্যে ৰাজ্যখনত ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিছে যদিও মৃত্যুৰ ধাৰা অব্যাহত আছে৷

বুধবাৰে দিনটোত ডিব্রুগড়ৰ যশোদা গগৈ (৮০) আৰু কামৰূপ মেট্র’ৰ পৰেশ চন্দ্র দাসৰ (৭৩) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আজি মৃত্যু হোৱা লোক দুজনকে ধৰি ৰাজ্যখনত এতিয়ালৈ ক’ভিডত আক্রান্ত হৈ ৯৫৪গৰাকী লোকৰ মৃত্যু ঘটিছে৷ ৰাজ্যখনত ক’ভিডত মৃত্যুৰ হাৰ ০.৪৫ শতাংশ৷

You might also like