নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টম্বৰৰ পৰা স্কুললৈ যাব নালাগে শিক্ষক–কর্মচাৰী

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  শিক্ষানুষ্ঠানত শিক্ষক–কর্মচাৰীৰ উপস্থিতি সম্পর্কত ইতিপূর্বে জাৰি কৰা নির্দেশনাৰ সালসলনি ঘটাইছে শিক্ষা বিভাগে৷ আজি মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত–সচিব প্রীতম শইকীয়াই নতুনকৈ জাৰি কৰা এ এছ ই ৩৬১/২০১৮/১০৬ নম্বৰত নতুন নির্দেশনা অনুসৰি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষা প্রতিষ্ঠান আৰু শিক্ষক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ শিক্ষক আৰু কর্মচাৰীসকলক অহা ১৮ ছেপ্টেম্বৰ পর্যন্ত ক’ভিড–১৯ পৰীক্ষা কৰিব লাগিব৷ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ প্রট’কল অনুসৰি সম্পন্ন হ’ব এই পৰীক্ষা৷ ইয়াৰ পিছত শিক্ষক–কর্মচাৰীসক্ সংশ্লিষ্ট শিক্ষানুষ্ঠানত অহা ২১ ছেপ্ঢেম্বৰৰ পৰা উপস্থিত থাকিব লাগিব৷ অৱশ্যে একে সময়তে ৫০ শতাংশ শিক্ষক–কর্মচাৰীহে উপস্থিত থকাৰ কথা কোৱা হৈছে৷ উল্লেখ্য যে ইতিপূর্বে শিক্ষক–কর্মচাৰীসক্ সংশ্লিষ্ট শিক্ষানুষ্ঠানত ১ ছেপ্টেম্বৰৰ পৰা উপস্থিত থকাৰ বাবে নির্দেশনা দিয়া হৈছিল৷

You might also like