নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে অসমত ক’ভিডত আক্রান্ত ৭০০; মৃত ১০, ৰাজ্যত পজিটিভিটী ০.৭৪ শতাংশ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ সোমবাৰে ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৭০০জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৬৫জন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ৪৭জন, শিৱসাগৰৰ ৩৯জন আৰু ডিব্রুগড়ৰ ৩৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷

সোমবাৰে মুঠ ৯৪,৬৩৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৭৪ শতাংশ৷ সোমবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৭০৫জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৬,৬৪৮জন৷

ইপিনে, সোমবাৰে ক’ভিডত প্রাণ হেৰুৱাইছে ১১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত গোলাঘাট আৰু যোৰহাটৰ দুজনকৈ লোকে প্রাণ হেৰুৱাইছে৷ তদুপৰি চিৰাং, ধেমাজি, কামৰূপ মহানগৰ, কামৰূপ, মাজুলী, তিনিচুকীয়া আৰু ওদালগুৰিত এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৫৮৭জনলৈ বৃদ্ধি পালে৷

You might also like