নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ ছেপ্টেম্বৰত তিনি ঘণ্টাত ৰাজ্যত ১ কোটি বৃক্ষৰোপণৰ পদক্ষেপ

🔹 অমৃত বৃক্ষ আন্দোলনৰ ৱেব পর্টেল–ম’বাইল এপ–থীম ছং মুকলি মুখ্যমন্ত্রী ড০ শর্মাৰ

🔹 পৰিৱেশ সংৰক্ষণ–জলবায়ু পৰিৱর্তন নিয়ন্ত্রণ, কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰেই চৰকাৰৰ এই প্রচেষ্টা : ড০ শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : অসমৰ সেউজ আৱৰণ প্রসাৰৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ–জলবায়ু পৰিৱর্তন নিয়ন্ত্রণ–কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে অহা ১৭ ছেপ্টেম্বৰত ৩ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ১ কোটি বৃক্ষৰোপণৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে৷ অমৃত বৃক্ষ আন্দোলন ৰূপে অভিহিত কৰা এই অভিযানৰ বাবে জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অমৃত বৃক্ষ আন্দোলনৰ ৱেব প’র্টেল, ম’বাইল এপ, থীম ছং আৰু কাঠভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ বাবে ৱেব প’র্টেল মুকলি কৰে৷ উল্লেখ্য যে অহা ১৭ ছেপ্টেম্বৰৰ দিনা আত্মসহায়ক গোটৰ সদস্য, অংগনৱাড়ী কর্মী, আশাকর্মী, শিক্ষানুষ্ঠান, চৰকাৰী কর্মচাৰী, চাহ বাগিচাৰ শ্রমিক, আৰক্ষী বেটেলিয়ন আৰু গাঁওৰক্ষী বাহিনী আদিৰ সদস্যসকলে একত্রিত হৈ ১ কোটি ব্যৱসায়িকভাৱে উপযোগী গছপুলি ৰোপণ কৰিব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অবাধ বনধ্বংসৰ ফলত পৰিৱেশৰ ওপৰত প্রভাৱ পৰিছে৷ ইয়ে জলবায়ু পৰিৱর্তনত প্রভাৱিত কৰিছে৷ এনে প্রেক্ষাপটত জলবায়ু পৰিৱর্তন প্রশমিত কৰিবলৈ ব্যক্তিগত তথা সামূহিক পদক্ষেপৰ প্রয়োজনীয়তা আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতবর্ষই আজি জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে বিশ্বজুৰি সংগ্রাম অব্যাহত ৰাখিছে৷ গ্লাছগোত অনুষ্ঠিত হোৱা জলবায়ু পৰিৱর্তনৰ শীর্ষ সন্মিলনত প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে অব্যাহত থকা সংগ্রাম আৰু এইক্ষেত্রত ভাৰতবর্ষৰ দায়বদ্ধতাৰ কথা স্পষ্ট ভাষাৰে বিশ্ববাসীৰ ওপৰত দাঙি ধৰিছে৷ অজীৱাশ্ম উৎসৰ পৰা শক্তি আহণৰ তথা নৱীকৰণযোগ্য শক্তিৰ উৎস বৃদ্ধিৰ পদক্ষেপৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত দেশত কার্বন নির্গমনৰ হাৰ ১ বিলিয়ন টন হ্রাস কৰাৰ লগতে ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ প্রধানমন্ত্রীয়ে ভাৰতবর্ষত বিৰামহীন প্রচেষ্টা অব্যাহত ৰাখিছে৷ পৰিৱেশ সুৰক্ষাৰ লগতে বহনক্ষম উন্নয়নৰ দৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি কৃষকৰ আয় কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই দিশতো প্রধানমন্ত্রীয়ে অহৰহ প্রচেষ্টা চলাই আছে৷ অসম চৰকাৰেও পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱর্তন নিয়ন্ত্রণ তথা কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ১ কোটি গছপুলি ৰোপণৰ উদ্দেশ্যে অমৃত বৃক্ষ আন্দোলনৰ দৰে এক যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰিছে৷ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত ৰাজ্যখনত ১ কোটি বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণেৰে অসমৰ গ্রাম্য অর্থনীতি সবল ৰূপত গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে প্রয়াস কৰিছে৷ এই কার্যসূচীৰ বাস্তৱ ৰূপ দি অসমত কাঠভিত্তিক উদ্যোগ স্থাপনত কৃষকসকলক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকৰ অর্থনৈতিক স্থিৰতা অনাৰ উপৰি আর্থিক ক্ষেত্রত থকা অনিশ্চয়তা দূৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১ কোটি গছপুলি ৰোপণৰ জৰিয়তে ৰাজ্যত কৃষি বনানীকৰণৰ প্রসাৰৰ লগতে কৃষিজাত শস্যৰ সৈতে মূল্যৱান প্রজাতিৰ গছপুলি ৰোপণেৰে এক সমৃদ্ধিশালী গছভিত্তিক অর্থনীতি তথা নিয়োগ সৃষ্টিত অৰিহণা যোগাব৷ এই বৃক্ষৰোপণ অভিযানত বাণিজ্যিক মূল্য থকা চন্দন, অগৰ, কদম, তিতাচপা, বগীপমা আদি প্রজাতিৰ গছপুলি বিতৰণ কৰা হ’ব আৰু অর্থনৈতিক সম্ভাৱনা থকা গছপুলিসমূহে কৃষকসকলক উপার্জনৰ নতুন সুযোগ দিব৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গছপুলি ৰোপণ কৰি জিঅ’টেগ ফটোগ্রাফ অমৃত বৃক্ষ আন্দোলন এপত আপলোড কৰিলে প্রতিগৰাকীয়ে বেংক একাউণ্টৰ জৰিয়তে ১০০ টকা লাভ কৰিব আৰু ৩ বছৰ পিছত গছজোপা প্রতিপালৰ ক্ষেত্রত ২০০ টকা প্রদান কৰা হ’ব৷ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অহা বছৰত ৩ কোটি গছপুলি ৰোপণ কৰাৰ উপৰি ২০২৫ চনত ৫ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰে নির্ধাৰণ কৰিছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত কাঠভিত্তিক উদ্যোগ স্থাপনত পূর্বতে থকা অসম কাঠভিত্তিক উদ্যোগ (প্রতিষ্ঠা আৰু নিয়ন্ত্রণ) নিয়ম ২০০০ৰ জটিলতাৰ বাবে ৰাজ্যখনত কাঠভিত্তিক উদ্যোগ ৬০ শতাংশ হ্রাস হৈছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি উক্ত নিয়মৰ শিথিলতা আনি অসম কাঠভিত্তিক উদ্যোগ (প্রচাৰ আৰু উন্নয়ন) নিয়ম ২০২০ৰ অধিসূচনা জাৰি কৰা হয়৷ এই নিয়মৰ অধীনত সকলো কাঠভিত্তিক উদ্যোগকে পূর্বৰ দৰে একেধৰণৰ নীতিৰে সামৰি লোৱাৰ পৰিৱর্তে পৃথক চর্তৰ জৰিয়তে পৰিচালিত কৰিব আৰু এই ব্যৱস্থাই ৰাজ্যখনৰ কাঠভিত্তিক উদ্যোগৰ সম্ভাৱনীয়তাক নতুন গতি দিয়াৰ লগতে এনেধৰণৰ উদ্যোগৰ সামগ্রিক বিকাশ হ’ব৷ নতুন নিয়ম অনুসৰি ৰাজ্যৰ কাঠভিত্তিক উদ্যোগসমূহক প্রাথমিক, মজলীয়া আৰু সংমিশ্রিত উদ্যোগ গোটত ভাগ কৰা হৈছে৷ প্রাথমিক কাঠভিত্তিক উদ্যোগসমূহৰ ক্ষেত্রত অনুজ্ঞাপত্রৰ প্রয়োজন হ’লেও মজলীয়া কাঠভিত্তিক উদ্যোগ যেনে– অগৰ কাঠভিত্তিক উদ্যোগ, কাঠ উৎপাদন কৰা উদ্যোগ, আচবাব প্রস্তুত কৰা গোটৰ ক্ষেত্রত পঞ্জীয়নৰ প্রয়োজন হ’ব যদিও অনুজ্ঞাপত্রৰ প্রয়োজন নহ’ব৷ এই ব্যৱস্থাৰ জৰিয়তে গোলাঘাট, শিৱসাগৰ, চৰাইদেউৰ অগৰ কাঠৰ উদ্যোগীসকল যথেষ্ট উপকৃত হ’ব৷ এই নতুন নিয়ম ৰূপায়ণ যাতে সম্পূর্ণৰূপে স্বচ্ছ হয় তাৰ বাবে অনুজ্ঞাপত্র, পঞ্জীয়ন আৰু নৱীকৰণ পদ্ধতি সৰল আৰু সম্পূর্ণৰূপে অনলাইন কৰাৰ উপৰি সর্বোচ্চ সময়ৰ ভিতৰত দিয়াৰ বাবে সময়সীমা নির্ধাৰণ কৰা হৈছে৷ ৰাজ্যখনৰ প্রাকৃতিক সৌন্দর্য, জৈৱ–বৈচিত্র্য আৰু বহনক্ষম পৰিৱেশ অনুকূল এক বাতাৱৰণ অক্ষুণ্ণ ৰখিবলৈ অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ দৰে লোৱা সংহত প্রচেষ্টাক সমাজৰ সকলো শ্রেণীৰ লোকৰ সহযোগিতাৰে সফল কৰি তুলিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই সকলোৰে প্রতি আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে অহা বছৰৰ পৰা চৰকাৰী নার্ছাৰীসমূহত প্রায় ৬ কোটি গছপুলি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ জনসাধাৰণে নিজৰ মাটিত সক্রিয়তাৰে ব্যৱসায়িকভাৱে উপযোগী গছ ৰোপণ কৰিলে পিছলৈ কাঠভিত্তিক উদ্যোগৰ ক্ষেত্রত বনাঞ্চল ধ্বংস নহ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যত বাণিজ্যিক গছ ৰোপণৰ দ্বাৰা কাঠভিত্তিক উদ্যোগসমূহে বিকাশৰ সপোনৰ ফলশ্রুতিয়েই হৈছে অমৃত বৃক্ষ আন্দোলন৷ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য, বিজ্ঞান প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদ, প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ উপস্থিত থাকে৷

You might also like